ETV Bharat / sports

IND বনাম AUS : প্ৰথম দিনাৰ অন্তত অষ্ট্ৰেলিয়াৰ সংগ্ৰহ 166/2 - প্ৰথম দিন

ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত আজিৰ পৰা অনুষ্ঠিত ভাৰত বনাম অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্ট ৷ প্ৰথম দিনাৰ অন্তত অষ্ট্ৰেলিয়া দলে 2 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 166 ৰাণ ৷

ভাৰত বনাম অষ্ট্ৰেলিয়া
প্ৰথম দিনাৰ অন্তত অষ্ট্ৰেলিয়াৰ সংগ্ৰহ 166/2
author img

By

Published : Jan 7, 2021, 3:59 PM IST

স্পৰ্টছ ডেস্ক, 7 জানুৱাৰী : ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত তৃতীয় টেষ্টৰ প্ৰথম দিনাৰ অন্তত অষ্ট্ৰেলিয়া দলে 2 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছে 166 ৰাণ ৷

টছত জয়ী হৈ বেটিঙৰ বাবে নামিয়েই ঘৰুৱা দলটোৱে অপেনাৰ ডেভিদ ৱাৰ্ণাৰৰ উইকেট হেৰুৱায় ৷ প্ৰথম দুই মেচত আঘাতৰ বাবে অংশগ্ৰহণ কৰিব নোৱাৰা ৱাৰ্ণাৰে চতুৰ্থ অ'ভাৰত মহম্মদ ছিৰাজৰ বলত চেতেশ্বৰ পূজাৰাৰ হাতত কেচ দি উইকেট হেৰুৱায় ৷ 8 বলত ৱাৰ্ণাৰে কেৱল 5 ৰাণ সংগ্ৰহ কৰে ৷

বৰষুণ দিয়াৰ সময়ত অষ্ট্ৰেলিয়াই 7 অ'ভাৰত সংগ্ৰহ কৰিছিল 21/1 ৰাণ ৷ ইয়াৰ পাচতে খেলুৱৈসকলে খেলপথাৰ ত্যাগ কৰে ৷ সময়তকৈ পূৰ্বে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি পুনৰ খেল আৰম্ভ কৰা হয় ৷

ভাৰতীয় বলাৰ- জছপ্ৰীত বুমৰাহ, ছিৰাজ আৰু ৰবীচন্দ্ৰন অশ্বিনে প্ৰথম অৱস্থাত অষ্ট্ৰেলিয়াৰ খেলুৱৈক ৰাণ সংগ্ৰহৰ সুবিধা নিদিলে যদিও দিনটোৰ শেষৰ 45 মিনিটত ভ্ৰমণকাৰী দলটোৰ ছন্দপতন ঘটে ৷ উইকেট কীপাৰ ঋষভ পন্তে পুকোভস্কীৰ দুটাকৈ কেচ ধৰিবলৈ অসমৰ্থ হয় ৷ ইয়াৰে এটা অশ্বিন আৰু এটা ছিৰাজৰ বল আছিল ৷ ইয়াৰ ফলত অভিষেককাৰী খেলুৱৈ পুকোভস্কীয়ে অষ্ট্ৰেলিয়াৰ হৈ প্ৰথমটো অৰ্ধশতক অৰ্জন কৰে ৷

দিনটোৰ শেষৰফালে অষ্ট্ৰেলিয়াই পুকোভস্কীৰ উইকেট হেৰুৱায় ৷ অভিষেককাৰী নৱদ্বীপ ছাইনীৰ হাতত উইকেট হেৰুৱায় পুকোভস্কীয়ে ৷ 110 টা বলত 62 ৰাণ কৰি উইকেট হেৰুৱায় 22 বৰ্ষীয় অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰগৰাকীয়ে ৷

প্ৰথম দুখন টেষ্টত দূৰ্বল প্ৰদৰ্শন আগবঢ়োৱা ষ্টিভ স্মিথক আজি কেইটামান বাউণ্ডেৰী কোবোৱা দেখা যায় ৷ বিশেষকৈ অশ্বিনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা দেখা যায় স্মিথক ৷ লাবুচেইনৰ লগত তৃতীয় উইকেটৰ যুটীত স্মিথে 60 ৰাণ যোগ দিয়ে ৷

লগতে পঢ়ক : হাস্পতালৰ পৰা অব্যাহতি লাভ সৌৰভ গাংগুলীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.