ETV Bharat / sports

আঘাতপ্ৰাপ্ত হৈ চতুৰ্থ টেষ্টৰ পৰা বাহিৰ জাদেজা

author img

By

Published : Jan 9, 2021, 7:46 PM IST

চতুৰ্থ তথা অন্তিম টেষ্টৰ পৰা বাহিৰ হ'ল ৰবীন্দ্ৰ জাদেজা ৷ মিটছেল ষ্টাৰ্কৰ এটা বলে আঘাত কৰা বুঢ়া আঙুলিত আঘাতপ্ৰাপ্ত হৈছে অল ৰাউণ্ডাৰগৰাকী ৷

আঘাতপ্ৰাপ্ত হৈ চতুৰ্থ টেষ্টৰ পৰা বাহিৰ জাদেজা
আঘাতপ্ৰাপ্ত হৈ চতুৰ্থ টেষ্টৰ পৰা বাহিৰ জাদেজা

স্পৰ্টছ ডেস্ক, 9 জানুৱাৰী : অষ্ট্ৰেলিয়া ভ্ৰমণত আঘাতে জৰ্জৰিত কৰিছে ভাৰতীয় দলক ৷ এইবাৰ আঘাতপ্ৰাপ্ত হৈ দলৰ পৰা বাহিৰ হৈছে অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা ৷ বাওঁহাতৰ বুঢ়া আঙুলিৰ হাড় ভঙাৰ বাবে চতুৰ্থ টেষ্টৰ পৰা বাহিৰ হ'বলগা হৈছে জাদেজা ৷ উল্লেখ্য় যে, 15 জানুৱাৰীৰ পৰা ব্ৰিছবেনত আৰম্ভ হ'ব চতুৰ্থ তথা চূড়ান্ত টেষ্ট মেচ ৷

আনহাতে, আজি কিলাকুটিত আঘাতপ্ৰাপ্ত হোৱা ঋষভ পন্তৰ আঘাত ইমান গুৰুতৰ নহয় বুলি জানিব পৰা গৈছে ৷ ফলত তৃতীয় টেষ্টৰ দ্বিতীয় ইনিংছত তেওঁ বেটিঙৰ বাবে সাজু হৈ উঠিব বুলি সম্ভাৱনা ব্যক্ত কৰা হৈছে ৷

তৃতীয় দিনাৰ মেচত অষ্ট্ৰেলিয়ান পেচাৰৰ বলত আঘাতপ্ৰাপ্ত হৈছিল জাদেজা আৰু পন্ত ৷ ইয়াৰ পাচতে তেওঁলোকৰ স্কেন কৰা হৈছিল ৷

বিচিচিআইৰ এক জ্যেষ্ঠ সূত্ৰই জানিবলৈ দিয়া অনুসৰি, "ৰবীন্দ্ৰ জাদেজাৰ বাওঁহাতৰ বুঢ়া আঙুলিৰ হাড় ভাঙিছে ৷ সেয়েহে তেওঁৰ বাবে গ্লভছ আৰু বেট লোৱাটো কষ্টকৰ হ'ব ৷"

লগতে সূত্ৰটোৱে কয়, "আঘাতৰ বাবে তেওঁ দুইৰ পৰা তিনি সপ্তাহলৈ খেলিব নোৱাৰিব ফলত তেওঁ চতুৰ্থ টেষ্টৰ পৰা বাহিৰ হ'বলগা হৈছে ৷ পন্তৰ আঘাত ইমান গুৰুতৰ নহয় সেয়েহে তেওঁ খেলিব পাৰিব ৷"

উল্লেখ্য যে, পেট কামিনছৰ এটা বলত কিলাকুটিত আঘাতপ্ৰাপ্ত হৈছিল পন্ত ৷ ফলত তেওঁৰ স্থানত অতিৰিক্ত উইকেট কীপাৰ ঋধিমান সাহাই খেলাৰ সুযোগ লাভ কৰিছিল ৷

ইয়াৰ পাচতে বেটিং কৰিবলৈ নামি আঘাতপ্ৰাপ্ত হয় জাদেজা ৷ হাতত আঘাতৰ বাবে তেওঁ দ্বিতীয় ইনিংছত বলিং কৰিবলৈও অসমৰ্থ হয় ৷ 28 ৰাণ কৰাৰ পাচতে মিটছেল ষ্টাৰ্কৰ এটা বল আহি জাদেজাৰ গ্লভছত লাগে ৷

দ্বিতীয় ইনিংছত ফিল্ডিঙৰ বাবে জাদেজা খেলপথাৰত নামিছিল যদিও অলপ সময়ৰ পাচতে আঘাতৰ বাবে খেলপথাৰ ত্যাগ কৰিবলৈ বাধ্য হয় ৷

উল্লেখ্য় যে, বৰ্তমানলৈকে অষ্ট্ৰেলিয়া ভ্ৰমণত আঘাতপ্ৰাপ্ত হৈ দলৰ পৰা বাহিৰ হোৱা ভাৰতীয় ক্ৰিকেটাৰসকল হৈছে ইশান্ত শৰ্মা, মহম্মদ ছামী, উমেশ যাদৱ, কে. এল. ৰাহুল আৰু ৰবীন্দ্ৰ জাদেজা ৷

লগতে পঢ়ক : টেষ্টত 10 সংখ্যক বাৰৰ বাবে ৱাৰ্ণাৰৰ উইকেট দখল অশ্বিনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.