ETV Bharat / sports

ডাঙৰ খবৰ: আইচিচি মহিলা টি-20 বিশ্বকাপৰ ফাইনেলত ভাৰত

author img

By

Published : Mar 5, 2020, 9:51 AM IST

Updated : Mar 5, 2020, 11:02 AM IST

বৰষুণৰ বাবে মেচ বাতিলৰ পাচতেই আইচিচি মহিলা টি-20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ ৷ পোন প্ৰথমবাৰৰ বাবে ফাইনেলত স্থান লাভ ভাৰতীয় মহিলা দলৰ ৷

আজি বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেলত ভাৰতৰ সন্মুখত ইংলেণ্ড

স্পৰ্টছ ডেস্ক, 5 মাৰ্চ: আইচিচি মহিলা টি-20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ৷ অষ্ট্ৰেলিয়াৰ ছিডনী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন ছেমিফাইনেল মেচ বৰষুণৰ বাবে বাতিল হোৱাৰ পাচতেই ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ভাৰতীয় দলটো ৷

পোন প্ৰথমবাৰৰ বাবে ফাইনেলত অৱতীৰ্ণ হ’ব ভাৰতীয় মহিলা দলটো ৷ গ্ৰুপ-এ ষ্টেজত 4 খন মেচেই জয় লাভ কৰি শীৰ্ষ স্থান দখল কৰিছিল ভাৰতে ৷ যাৰ বাবেই মেচ বাতিলৰ পাচতেই পোনে-পোনে ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ভাৰতীয় দলটো ৷ আনহাতে গ্ৰুপ বি ত দ্বিতীয় স্থান দখল কৰিছিল ইংলেণ্ডে যাৰ বাবে টুৰ্ণামেণ্টৰ পৰা বাহিৰ হ’বলগীয়া হয় ইংলেণ্ড ৷

আইচিচি মহিলা টি-20 বিশ্বকাপৰ ছেমিফাইনেলিষ্ট

ভাৰতে ইয়াৰ পূৰ্বে 6 বাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হৈছে ৷ য’ত তিনিবাৰ অৰ্থাৎ 2009, 2010 আৰু 2018 চনত ছেমিফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে অষ্ট্ৰেলিয়াই চাৰিবাৰৰ বাবে খিতাপ দখল কৰাৰ বিপৰীতে ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজে এবাৰকৈ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ৷

আনহাতে আজিয়ে আন এখন মেচত ছিডনী ক্ৰিকেট ষ্টেডিয়ামত মুখামুখি হ’ব দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া দলটো ৷ অহা 8 মাৰ্চত অনুষ্ঠিত হ’ব আইচিচি মহিলা টি-20 বিশ্বকাপৰ চূড়ান্ত মেচ ৷

Last Updated : Mar 5, 2020, 11:02 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.