স্পৰ্টছ ডেস্ক, 1 মাৰ্চ: অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈ থকা মহিলা টি-20 বিশ্বকাপৰ ছেমিফাইনেলত স্থান লাভ ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ ৷ ইংলেণ্ডে ৱেষ্ট ইণ্ডিজক আৰু দক্ষিণ আফ্ৰিকাই পাকিস্তানক পৰাস্ত কৰি ছেমিফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হয় ৷
দেওবাৰে অনুষ্ঠিত মেচখনত ৱেষ্ট ইণ্ডিজক 46 ৰানত ইংলেণ্ডে পৰাস্ত কৰি ছেমিফাইনেলত স্থান সুনিশ্চিত কৰে ৷ টছত জয় লাভ কৰি ইংলেণ্ডে প্ৰথমে বেটিং কৰি 5 উইকেটৰ বিনিময়ত 143 ৰান কৰিবলৈ সক্ষম হয় ৷ দলটোৰ হৈ 57 ৰানৰ ইনিংছ খেলে নাটালি চাইবাৰে ৷ ইয়াৰ প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজ দলটো 17.1 অভাৰত 97 ৰান কৰি অল আউট হয় ৷
আনহাতে অন্য এখন মেচত পাকিস্তানক 17 ৰানত পৰাস্ত কৰি মহিলা টি-20 বিশ্বকাপৰ ছেমিফাইনেলত স্থান লাভ কৰে দক্ষিণ আফ্ৰিকাই ৷ দক্ষিণ আফ্ৰিকাই প্ৰথমে বেটিং কৰি 6 উইকেট হেৰুৱাই 136 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷ আফ্ৰিকা দলটোৰ হৈ লাওৰা ৱলভাৰ্ডে অপৰাজিত 53 ৰান কৰিবলৈ সক্ষম হয় ৷
137 ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ আহি পাকিস্তান দলটোৱে 5 উইকেট হেৰুৱাই 119 ৰান কৰিবলৈ সক্ষম হয় ৷ দক্ষিণ আফ্ৰিকাই অহা 5 মাৰ্চত ভাৰতৰ বিৰুদ্ধে ছেমিফাইনেলত অৱতীৰ্ণ হ'ব ৷