ETV Bharat / sports

আজি 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ অভিযান আৰম্ভ ভাৰতৰ

author img

By

Published : Jan 19, 2020, 2:17 PM IST

দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হৈ থকা 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপত আজি নিজৰ প্ৰথমখন মেচত অৱতীৰ্ণ হৈছে ভাৰত ৷

আজি ভাৰতে আৰম্ভ কৰিব 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ অভিযান

স্পৰ্টছ ডেস্ক, 19 জানুৱাৰীঃ শ্ৰীলংকাৰ বিৰুদ্ধে আজি 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ অভিযান আৰম্ভ কৰিছে ডিফেণ্ডিং চেম্পিয়ন ভাৰতে ৷ প্ৰিয়ম গাৰ্গৰ নেতৃত্বত ভাৰতীয় দলটোৰ লক্ষ্য হ'ব খিতাপ অক্ষুণ্ণ ৰখাৰ ৷ টছত জয় লাভ কৰি প্ৰথমে ভাৰতক বেটিংৰ নিমন্ত্ৰণ দিয়ে শ্ৰীলংকাই ৷

ইতিমধ্যে দক্ষিণ আফ্ৰিকাৰ জলবায়ুৰ সৈতে সামাঞ্জস্য বহুৱাবলৈ বহু দিনৰ পূৰ্বেই দক্ষিণ আফ্ৰিকাত গৈ থিতাপি লৈছিল ভাৰতীয় দলটোৱে ৷ বিশ্বকাপৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত এদিনীয়া শৃংখলাত 2-1 ব্যৱধানত জয় লাভ কৰি ভাৰতীয় দলটোৱে নিজৰ প্ৰস্তুতিৰ উমান দিবলৈ সক্ষম হৈছে ৷

প্ৰিয়ম গাৰ্গৰ নেতৃত্বত ভাৰতীয় দলটো
প্ৰিয়ম গাৰ্গৰ নেতৃত্বত ভাৰতীয় দলটো

টুৰ্ণামেণ্টত ভাৰতীয় দলটোৰ বেটিং লাইন আপাত মুখ্য ভূমিকা পালন কৰিব যশ্বস্বী জয়ছোৱাল, প্ৰিয়ম গাৰ্গ, তিলক বাৰ্মা, ধ্ৰুৱ চন্দ্ৰ জুৰেল আৰু দিব্যাংশ সক্সেনাই ৷ অৱশ্যে ভাৰতীয় দলটোৰ বাবে এটা দুঃখবৰ যে, এদিনীয়া শৃংখলাত আঘাতপ্ৰাপ্ত হৈ বিশ্বকাপৰ পূৰ্বেই দলৰ পৰা বাহিৰ হৈছে দিব্যাংশ যোশী ৷ ইপিনে বলিঙত ভাৰতীয় দলটোৱৰ মুখ্য অস্ত্ৰ হিচাপে নিৰ্ভৰ কৰিব শুভম হেগডে আৰু কাৰ্তিক ত্যাগীৰ ওপৰত ৷

ভাৰতে ইয়াৰ পূৰ্বে মহম্মদ কাঈফৰ নেতৃত্বত 2000 চনত, বিৰাট কোহলিৰ নেতৃত্বত 2008 চনত, উন্মুক্ত চান্দৰ নেতৃত্বত 2012 চনত আৰু পৃথ্বী শ্ব'ৰ নেতৃত্বত 2018 চনত খিতাপ নিজৰ নাম কৰিবলৈ সক্ষম হৈছিল ৷ ভাৰতে চাৰিবাৰ কৈ বিশ্বচেম্পিয়ন হোৱাৰ বিপৰীতে অষ্ট্ৰেলিয়াই তিনিবাৰ, পাকিস্তানে দুবাৰ আৰু ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, ৱেষ্ট ইণ্ডিজে এবাৰকৈ 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ৷

19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ভাৰতীয় দলটো

  • ভাৰতৰ অন্তিম একাদশ হৈছে- প্ৰিয়ম গাৰ্গ (অধিনায়ক), ধ্ৰুৱ চন্দ জ্যুৰেল (সহঃঅধিনায়ক, উইকেটকীপাৰ), যশ্বস্বী জয়ছোৱাল, তিলক বাৰ্মা, দিব্যাংশ সক্সেনা, শাশ্বন্ত ৰাৱত, দিব্যাংশ যোশী, শুভাংগ হেগড়ে, ৰবি বিষ্ণই, আকাশ সিং, কাৰ্তিক ত্যাগি, অৰ্থব অংক্লেকাৰ, সুশান্ত মিশ্ৰা আৰু বিদ্যাধৰ পাটিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.