ETV Bharat / sports

আই চি চি টেষ্ট ৰেংকিঙত তৃতীয় স্থানলৈ উন্নীত বুমৰাহ - আই চি চি টেষ্ট ৰেংকিঙত তৃতীয় স্থানলৈ উন্নীত বুমৰাহ

ভাৰতীয় পেচাৰ জছপ্ৰীত বুমৰাহে কেৰিয়াৰৰ সৰ্বোচ্চ 835 পইন্ট সংগ্ৰহেৰে আইচিচি টেষ্ট বলাৰৰ তালিকাত তৃতীয় স্থানলৈ উন্নীত হৈছে ৷ মঙলবাৰে প্ৰকাশ পোৱা শেহতীয়া ৰেংকিঙত ভাৰতীয় বলাৰ গৰাকীয়ে অষ্ট্ৰেলিয়াৰ পেট কিউমিনছ আৰু দক্ষিণ আফ্ৰিকাৰ কাগিছো ৰাবাডাৰ পাছতে স্থান লাভ কৰিছে ৷ বুমৰাহৰ উপৰি মহম্মদ ছামী আৰু ঈশান্ত শৰ্মাইও ক্ৰমে 18 আৰু 20 সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷

আইচিচি টেষ্ট ৰেংকিং, তৃতীয় স্থানলৈ উন্নীত বুমৰাহ
author img

By

Published : Sep 3, 2019, 6:52 PM IST

স্পৰ্টছ ডেস্ক, 3 ছেপ্তেম্বৰ : ভাৰতীয় পেচাৰ জছপ্ৰীত বুমৰাহে কেৰিয়াৰৰ সৰ্বোচ্চ 835 পইন্ট সংগ্ৰহেৰে আইচিচি টেষ্ট বলাৰৰ তালিকাত তৃতীয় স্থানলৈ উন্নীত হৈছে ৷ মঙলবাৰে প্ৰকাশ পোৱা শেহতীয়া ৰেংকিঙত ভাৰতীয় বলাৰ গৰাকীয়ে অষ্ট্ৰেলিয়াৰ পেট কিউমিনছ আৰু দক্ষিণ আফ্ৰিকাৰ কাগিছো ৰাবাডাৰ পাছতে স্থান লাভ কৰিছে ৷ অক্টোবৰৰ 2 তাৰিখৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আৰম্ভ হ'বলগা টেষ্ট শৃংখলাৰ জৰিয়তে টেষ্ট ৰেংকিঙৰ শীৰ্ষত অৱস্থানৰ সুযোগ লাভ কৰিব বুমৰাহে ৷ বুমৰাহৰ উপৰি মহম্মদ ছামী আৰু ঈশান্ত শৰ্মাইও ক্ৰমে 18 আৰু 20 সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷

ভাৰতীয় পেচাৰ জছপ্ৰীত বুমৰাহ
আইচিচি টেষ্ট ৰেংকিং, তৃতীয় স্থানলৈ উন্নীত বুমৰাহ

উল্লেখ্য যে, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শেহতীয়া টেষ্ট শৃংখলাত বুমৰাহে 13 টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছিল ৷ প্ৰথম টেষ্টৰ জৰিয়তে টেষ্ট উইকেটত দ্ৰুততম 50 উইকেট দখল কৰা ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হৈছিল বুমৰাহ ৷ আনহাতে,দ্বিতীয় মেচত টেষ্ট ক্ৰিকেটত হেট্ৰিক অৰ্জন কৰা তৃতীয় গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈছিল খেলুৱৈ গৰাকী ৷ ইয়াৰোপৰি,দূৰ্দান্ত প্ৰদৰ্শনৰ বাবে 'মেন অৱ দা ছিৰিজ'ৰ সন্মানো লাভ কৰিছিল বুমৰাহে ৷ অধিনায়ক বিৰাট কোহলীয়েও তেওঁৰ অসাধাৰণ বলিঙক প্ৰশংসা কৰিছিল ৷

টেষ্ট ৰেংকিঙত শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে ভাৰতীয় ক্ৰিকেট দলে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.