স্পৰ্টছ ডেস্ক, 27 আগষ্ট : বুধবাৰে ঘোষণা কৰা হ'ল আইচিচিৰ ৰেংকিং ৷ এদিনীয়া তালিকাৰ শীৰ্ষ দুই স্থান অক্ষুণ্ণ ৰাখিছে ভাৰতীয় অধিনায়ক বিৰাট কোহলী আৰু সীমিত অ'ভাৰৰ সহ-অধিনায়ক ৰোহিত শৰ্মাই ৷ আনহাতে, অষ্ট্ৰেলিয়াৰ ৰান মেচিন ষ্টিভ স্মিথে টেষ্টৰ শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে ৷ স্মিথৰ পাচত দ্বিতীয় আৰু তৃতীয় স্থানত আছে কোহলী আৰু মাৰ্নাছ লাবুছাইন ৷
টি-20 ৰেংকিঙৰ দ্বিতীয় স্থানত আছে ভাৰতীয় উইকেট কীপাৰ-বেটছমেন কে. এল. ৰাহুল ৷ শীৰ্ষ স্থানত আছে পাকিস্তানৰ বাবৰ আজম আৰু তৃতীয় স্থান দখল কৰিছে অষ্ট্ৰেলিয়াৰ হোৱাইট বল অধিনায়ক এৰন ফিন্সে ৷
এদিনীয়াৰ বলাৰৰ শীৰ্ষত স্থান অক্ষুণ্ণ ৰাখিছে জছপ্ৰীত বুমৰাহে, টেষ্টত অষ্ট্ৰেলিয়াৰ পেট কামিনছ আৰু টি-20 ত আফগানিস্তানৰ তাৰকা স্পীনাৰ ৰশিদ খানে ৷
আনহাতে, এদিনীয়া ক্ৰিকেট দলৰ ক্ষেত্ৰত দ্বিতীয় স্থান, টেষ্ট আৰু টি-20 ৰ তৃতীয় স্থান দখল কৰিছে ভাৰতীয় দলে ৷
লগতে পঢ়ক : বাৰ্চিলোনাৰ সংগ এৰিব বিশ্ব বিখ্যাত ফুটবলাৰ লিয়নেল মেছীয়ে !