ETV Bharat / sports

আইচিচিয়ে নিৰ্বাচিত ক্ৰিকেটাৰক প্ৰতিমাহে দিব বিশেষ বঁটা

author img

By

Published : Jan 27, 2021, 7:30 PM IST

ইন্টাৰনেশ্য়নেল ক্ৰিকেট কাউঞ্চিলে প্ৰদান কৰিব ' আই চি চি প্লেয়াৰ অৱ দ্য় মান্থ ' বঁটা । বিশ্বৰ প্ৰাক্তন খেলুৱৈ, সম্প্ৰচাৰক আৰু সাংবাদিকসকলক লৈ গঠিত এক স্বতন্ত্ৰ আই চি চি ভোটিং একাডেমীয়ে অনুৰাগীসকলৰ সৈতে আই চি চি পুৰুষ আৰু মহিলা খেলুৱৈক ভোট দিব পাৰিব ।

আইচিচিয়ে নিৰ্বাচিত ক্ৰিকেটাৰক প্ৰতিমাহে দিব বিশেষ বঁটা
আইচিচিয়ে নিৰ্বাচিত ক্ৰিকেটাৰক প্ৰতিমাহে দিব বিশেষ বঁটা

স্পৰ্টছ ডেস্ক , ২৭ জানুৱাৰী : ইন্টাৰনেশ্য়নেল ক্ৰিকেট কাউঞ্চিল (আইচিচি)ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । বুধবাৰে আইচিচিয়ে সমগ্ৰ বছৰটোৰ সকলো প্ৰকাৰৰ আন্তৰ্জাতিক ক্ৰিকেটত পুৰুষ আৰু মহিলা ক্ৰিকেটাৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনক স্বীকৃতি প্ৰদান কৰাৰ বাবে আৰু উদযাপন কৰিবলৈ ' আই চি চি প্লেয়াৰ অৱ দ্য় মান্থ ' বঁটা প্ৰদান কৰাৰ ঘোষণা কৰে । প্ৰেছ বিজ্ঞপ্তি যোগে আই চি চিয়ে কয় যে বিশ্বৰ প্ৰাক্তন খেলুৱৈ, সম্প্ৰচাৰক আৰু সাংবাদিকসকলক লৈ গঠিত এক স্বতন্ত্ৰ আই চি চি ভোটিং একাডেমীয়ে অনুৰাগীসকলৰ সৈতে আই চি চি পুৰুষ আৰু মহিলা খেলুৱৈক ভোট দিব পাৰিব ।

  • ICC announces ‘Player of the Month’ awards 🎉

    Fans can have their say, alongside an expert panel!

    Register on the ICC website to vote on the first of each month 🗳️

    More 👇https://t.co/npYRT102dd

    — ICC (@ICC) January 27, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতৰ ৰবিচন্দ্ৰন অশ্বিন , ইংলেণ্ডৰ জ' ৰুট , অষ্ট্ৰেলিয়াৰ ষ্টিব স্মিথ , দক্ষিণ আফ্ৰিকাৰ মাৰিজেন কেপ , নাদিন ডি ক্লেৰ্ক , পাকিস্তানৰ নিদা দৰ আদিৰ দৰে প্ৰতিষ্ঠিত খেলুৱৈসকলৰ উপৰিও ভাৰতৰ মহম্মদ চিৰাজ , টি নটৰাজন , ঋষভ পন্ত , আফগানিস্তানৰ ৰহমানুল্লাহ গুৰবাজ আদিৰ দৰে যুৱ খেলুৱৈসকল জানুৱাৰী মাহৰ প্ৰাৰ্থীসকলৰ ভিতৰত থাকিব ।

আই চি চি ৰ জেনেৰেল মেনেজাৰ জেফ এলাৰডিচে কোৱা মতে 'আই চি চি প্লেয়াৰ অৱ দ্য় মান্থ'ত খেলৰ অনুৰাগীসকলৰ সৈতে সংযোগ কৰা আৰু বছৰটোৰ মাজেৰে তেওঁলোকৰ প্ৰিয় খেলুৱৈসকলৰ প্ৰদৰ্শনক স্বীকৃতি প্ৰদানৰ বাবে কৰা এক মহান পদক্ষেপ ।

প্ৰতিটো মাহৰ প্ৰথমৰ পৰা অন্তিম দিনলৈ প্ৰতিটো শ্ৰেণীৰ বাবে তিনিজন মনোনীত ব্যক্তি সেই মাহৰ সময়ছোৱাত প্ৰদৰ্শন আৰু সামগ্ৰিক সাফল্যৰ ওপৰত আধাৰিত কৰি আই চি চি বঁটা মনোনয়ন সমিতিৰ দ্বাৰা নিৰ্ধাৰণ কৰা হ'ব । প্ৰকাশ কৰা চৰ্টলিষ্টটোত তেতিয়া বিশ্বৰ স্বতন্ত্ৰ আই চি চি ভোটিং একাডেমী আৰু অনুৰাগীসকলে ভোট দিব পাৰিব ।

ভোটদান একাডেমীয়ে ইমেইলৰ জৰিয়তে তেওঁলোকৰ ভোট দাখিল কৰিব আৰু ৯০ শতাংশ ভোট ৰখা হ'ব। তাৰ পিছত, প্ৰতি মাহৰ প্ৰথম দিনত, আই চি চিৰ সৈতে পঞ্জীভুক্ত অনুৰাগীসকলে আই চি চি ৱেবছাইটৰ জৰিয়তে ভোট দাখিল কৰিবলৈ সক্ষম হ'ব আৰু ভোটৰ ১০ শতাংশ অংশ থাকিব । আই চি চিৰ ডিজিটেল চেনেলত মাহৰ প্ৰতি দ্বিতীয় সোমবাৰে বিজয়ীসকলক ঘোষণা কৰা হ'ব।

লগতে পঢ়ক : শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয় টেষ্ট মেচৰ তৃ্তীয় দিনত 186 ৰাণ সংগ্ৰহ জ‘ ৰুটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.