ETV Bharat / sports

অলিম্পিক,2028ত প্ৰৱেশৰ আশা আইচিচিৰ

লছ এঞ্জেলছত অনুষ্ঠিত হ'বলগা অলিম্পিক,2028ত প্ৰৱেশৰ আশা প্ৰকাশ কৰিছে আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ৷ এই কথা প্ৰকাশ কৰে মেৰিলব'ন ক্ৰিকেট কমিটিৰ অধ্যক্ষ মাইক গেটিঙে ৷

অলিম্পিক,2028 ত প্ৰৱেশৰ আশা আইচিচিৰ
author img

By

Published : Aug 13, 2019, 6:38 PM IST

স্পৰ্টছ ডেস্ক, 13 আগষ্ট : আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (ICC) য়ে লছ এঞ্জেলছত অনুষ্ঠিত হ'বলগা অলিম্পিকত প্ৰৱেশৰ আশা প্ৰকাশ কৰিছে ৷ সোমবাৰে এই কথা প্ৰকাশ কৰে মেৰিলব'ন ক্ৰিকেট কমিটিৰ অধ্যক্ষ মাইক গেটিঙে ৷ এই সম্পৰ্কত গেটিঙে জনাই যে,আইচিচিৰ মুখ্য কাৰ্যবাহী মনু চৌহনেই নিশ্চিতি প্ৰদান কৰা অনুসৰি অলিম্পিকত প্ৰৱেশৰ পাছত ক্ৰিকেটে গ্ল'বেল প্লেটফৰ্ম লাভ কৰিবলৈ সক্ষম হ'ব ৷

গেটিঙে লগতে মন্তব্য কৰে যে,অলিম্পিকৰ বাবে দুসপ্তাহৰ সময় উলিয়াবলৈ আইচিচিৰ অসুবিধা নহ'ব যিহেতু এই প্ৰতিযোগিতাখন চাৰি বছৰৰ ব্যৱধানত এবাৰহে আহে ৷ ইয়াৰোপৰি,বিচিচিআইয়ে নাডাৰ (নেশ্বনেল এন্টি ড'পিং টেষ্ট) অধীনত আহিবলৈ মান্তি হোৱাৰ কথা আগষ্টৰ 9 তাৰিখে ঘোষণা কৰিছিল ভাৰতৰ কেন্দ্ৰীয় ক্ৰীড়া সচিব ৰাধে শ্যাম জুলানিয়াই ৷ এই ঘোষণাক সমৰ্থন জনাই মাইক গেটিঙে কয় যে,এই ক্ৰীড়া বিধে এতিয়া সকলো দিশকে সামৰি ল'ব ৷

ICC HOPEFUL OF MAKING IT TO 2028 OLYMPICS

অলিম্পিক,2028 ত প্ৰৱেশৰ আশা আইচিচিৰ

স্পৰ্টছ ডেস্ক, 13 আগষ্ট : আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (ICC) য়ে লছ এঞ্জেলছত অনুষ্ঠিত হ'বলগা অলিম্পিকত প্ৰৱেশৰ আশা প্ৰকাশ কৰিছে ৷ সোমবাৰে এই কথা প্ৰকাশ কৰে মেৰিলব'ন ক্ৰিকেট কমিটিৰ অধ্যক্ষ মাইক গেটিঙে ৷ এই সম্পৰ্কত গেটিঙে জনাই যে, আইচিচিৰ মুখ্য কাৰ্যবাহী মনু চৌহনেই নিশ্চিতি প্ৰদান কৰা অনুসৰি অলিম্পিকত প্ৰৱেশৰ পাছত ক্ৰিকেটে গ্ল'বেল প্লেটফৰ্ম লাভ কৰিবলৈ সক্ষম হ'ব ৷

গেটিঙে লগতে মন্তব্য কৰে যে, অলিম্পিকৰ বাবে দুসপ্তাহৰ সময় উলিয়াবলৈ আইচিচিৰ অসুবিধা নহ'ব যিহেতু এই প্ৰতিযোগিতাখন চাৰি বছৰৰ ব্যৱধানত এবাৰহে আহে ৷ ইয়াৰোপৰি, বিচিচিআইয়ে নাডাৰ (নেশ্বনেল এন্টি ড'পিং টেষ্ট) অধীনত আহিবলৈ মান্তি হোৱাৰ কথা আগষ্টৰ 9 তাৰিখে ঘোষণা কৰিছিল ভাৰতৰ কেন্দ্ৰীয় ক্ৰীড়া সচিব ৰাধে শ্যাম জুলানিয়াই ৷ এই ঘোষণাক সমৰ্থন জনাই মাইক গেটিঙে কয় যে, এই ক্ৰীড়া বিধে এতিয়া সকলো দিশকে সামৰি ল'ব ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.