ETV Bharat / sports

10 জুনত চূড়ান্ত কৰা হ'ব অষ্ট্ৰেলিয়াত হ'বলগীয়া টি-20 বিশ্বকাপৰ ভৱিষ্যত ! - আইচিচি টি-20 বিশ্বকাপ 2020

চলিত বৰ্ষৰ 18 অক্টোবৰ পৰা 15 নৱেম্বৰলৈ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱাৰ কথা আইচিচি টি-20 বিশ্বকাপ । কিন্তু কৰ'ণা ভাইৰাছৰ ফলতেই বিশ্বকাপকলৈ আহি পৰিছে অনিশ্চয়তা । এই সন্দৰ্ভত 10 জুনত আইচিচিয়ে গ্ৰহণ কৰিব চূড়ান্ত সিদ্ধান্ত ।

ICC likely to announce final decision on T20 World Cup tomorrow
ICC likely to announce final decision on T20 World Cup tomorrowICC likely to announce final decision on T20 World Cup tomorrow
author img

By

Published : Jun 9, 2020, 4:06 PM IST

Updated : Jun 9, 2020, 4:50 PM IST

স্পৰ্টছ ডেস্ক, 9 জুন: চলিত বৰ্ষত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া টি-20 বিশ্বকাপকলৈ 10 জুন অৰ্থাৎ বুধবাৰে এক চূড়ান্ত বৈঠকত মিলিত হ'ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ ক্ৰিকেট কমিটি । য'ত গ্ৰহণ কৰা হ'ব অষ্ট্ৰেলিয়াত হ'বলগীয়া টি-20 বিশ্বকাপৰ আয়োজনকলৈ চূড়ান্ত সিদ্ধান্ত ।

উল্লেখ্য যে, চলিত বৰ্ষৰ 18 অক্টোবৰ পৰা 15 নৱেম্বৰলৈ অষ্ট্ৰেলিয়াত টি-20 বিশ্বকাপৰ আয়োজনৰ কাৰ্যসূচী নিৰ্ধাৰণ হৈ আছিল যদিও বিশ্বজুৰি চলা কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপে শেহতীয়াকৈ এই প্ৰতিযোগিতালৈ আনিছে অনিশ্চয়তা ।

সূত্ৰৰ পৰা জানিব পৰা মতে এই বৈঠকত পাঁচটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। এই বিষয় কেইটা হৈছে- টি-20 বিশ্বকাপ আয়োজনৰ ওপৰত সিদ্ধান্ত, আইচিচিৰ অধ্য়ক্ষ পদৰ নিৰ্বাচন প্ৰক্ৰিয়া, ভৱিষ্যতৰ ভ্ৰমণ কাৰ্যৰ পূৰ্বপৰিকল্পনা, বিচিচিআইৰ সৈতে কৰ সম্পৰ্কীয় বিষয় আৰু আইচিচিৰ CEOৰ ভৰ্তি সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰা ।

যোৱা 28 মে'ত অনুষ্ঠিত হোৱা বৈঠকত এই সকলো কেইটা বিষয়ৰ ওপৰত 10 জুনত সিদ্ধান্ত গ্ৰহণৰ কথা উল্লেখ কৰিছিল আইচিচিয়ে।

আনহাতে আইচিচিৰ বৰ্তমানৰ চেয়াৰমেন শশাংক মনোহৰেও প্ৰথমেই নিজৰ কাৰ্যকাল বৃদ্ধি নকৰাৰ কথা স্পষ্ট কৰিছে । গতিকে এই ক্ষেত্ৰত সৌৰভ গাংগুলীৰ ক্ৰিকেটিং সংস্থাৰ নেতৃত্ব লাভৰ সম্ভাৱনা অধিক প্ৰকট হৈ পৰিছে । গতিকে আইচিচিয়ে নিৰ্বাচন প্ৰক্ৰিয়াক লৈ কেনেদৰে আগবাঢ়ে সেইয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ'ব ।

লগতে পঢ়কঃ তামিলনাডুত ৩৩ হাজাৰ অতিক্ৰম কৰিলে ক'ৰণাত আক্ৰান্তই

Last Updated : Jun 9, 2020, 4:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.