ETV Bharat / sports

বাংলাদেশী ক্ৰিকেটাৰ ছাকিব অল হাছানক 2 বছৰৰ নিষেধাজ্ঞা

ছাকিব অল হাছানৰ অনুৰাগীৰ বাবে দুখবৰ ৷ মেচ ফিক্সিঙৰ সন্দৰ্ভত ক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰ পৰা 2 বছৰৰ নিষেধাজ্ঞা আই চি চি ৰ ৷

author img

By

Published : Oct 29, 2019, 8:44 PM IST

বাংলাদেশী ক্ৰিকেটাৰ ছাকিব অল হাছানক 2 বছৰৰ নিষেধাজ্ঞা আই চি চি ৰ

স্পৰ্টছ ডেস্ক, 29 অক্টোবৰ: বাংলাদেশ ক্ৰিকেটৰ অধিনায়ক ছাকিব অল হাছানক আই চি চিৰ নিষেধাজ্ঞা ৷ মেচ ফিক্সিঙৰ সন্দৰ্ভত 2 বছৰৰ নিষেধাজ্ঞা জাৰি আই চি চি ৰ ৷ দৰাচলতে মেচ ফিক্সিঙক লৈ এজন বুকিয়ে ছাকিব অল হাছানৰ সৈতে সংযোগ স্থাপন কৰিছিল ৷ কিন্তু এই সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চি ক অৱগত কৰা নাছিল ছাকিবে ৷ যাৰ পাচতে এই সন্দৰ্ভত তদন্ত চলাই আই চি চিয়ে দুৰ্নীতি বিৰোধী আইন উলংঘন কৰাৰ তিনিটা দোষত 2 বছৰৰ নিষেধাজ্ঞা আৰোপ কৰিছে খেলুৱৈগৰাকীৰ ওপৰত ৷

অনুচ্ছেদ 2.4.4 অনুসৰি 2 বছৰৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে ছাকিবৰ ওপৰত ৷ ইয়াৰে 1 বছৰ নিলম্বনৰ শাস্তি বিহা হৈছে খেলুৱৈগৰাকীক ৷ আগন্তুক 29 অক্টোবৰ 2020 ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰত্যাৱৰ্তন কৰিব পাৰিব ছাকিবে ৷ উল্লেখ্য যে, এই সন্দৰ্ভত 6 মাহৰ পৰা 5 বছৰৰ পৰ্যন্ত শাস্তি বিহিব পাৰে আই চি চি য়ে ৷

এই শাস্তি লাভ কৰাৰ পাচত ছাকিব অল হাছানৰ প্ৰতিক্ৰিয়া,

মই অত্যন্ত দুখী ৷ যিটো খেল মই অত্যাধিক ভাল পাওঁ আজি সেই খেল খেলাৰ পৰাই মোক আজি নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ মই এই সন্দৰ্ভত আই চি চি ক অৱগত নকৰিলো সেইয়া মই স্বীকাৰ কৰিছো ৷ আই চি চিৰ দুৰ্নীতি বিৰোধী দলে দীৰ্ঘদিন ধৰি দুৰ্নীতিৰ বিৰুদ্ধে যুঁজি আহিছে, য’ত খেলুৱৈৰ ভূমিকা অত্যাধিক ৷ অৱশ্যে এই কাম কৰাত মই ব্যৰ্থ হ’লো ৷

ইয়াৰ লগতে ছাকিবে কয়, মই বিচাৰো দুৰ্নীতি মুক্ত হওঁক ক্ৰিকেট ৷ আই চি চি য়ে লোৱা সিদ্ধান্তক মই সমৰ্থন কৰিম ৷ যুৱ খেলুৱৈক সঠিক পথ দিশত কাম কৰিম যাতে মোৰ দৰে তেওঁলোকে ভুল নকৰে ৷

আই চি চিৰ সাধাৰণ পৰিচালক এলেক্স মাৰ্চেলে কয়, এজন অভিজ্ঞ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হিচাপে তেওঁ নিজৰ দায়িত্ব বিষয়ে অৱগত ৷ গতিকে এই সন্দৰ্ভত আই চি চি ক তেওঁ অৱগত কৰাৰ প্ৰয়োজন আছিল ৷ ছাকিবে নিজৰ ভুল স্বীকাৰ কৰিছে লগতে তদন্ত প্ৰক্ৰিয়াত পূৰ্ণ সহযোগ কৰিছে বুলি জানিবলৈ দিয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.