ETV Bharat / sports

বিৰাট কোহলিত কৈ বাবৰ আজমক শ্ৰেষ্ঠ আখ্যা আদিল ৰাছিদৰ

author img

By

Published : May 16, 2020, 2:59 PM IST

শেহতীয়াকৈ বিৰাট কোহলি আৰু বাবৰ আজমকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ ইংলেণ্ডৰ খেলুৱৈ আদিল ৰাছিদৰ । বৰ্তমানৰ ফৰ্মৰ ভিত্তিতেই কোহলিতকৈ বাবৰ আজমক শ্ৰেষ্ঠ বুলি ক'লে আদিল ৰাছিদে ।

I would select babar azam over virat kohli says adil rashid

স্পৰ্টছ ডেস্ক, ১৬ মে': ভাৰতৰ ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি আৰু পাকিস্তানৰ ক্ৰিকেটাৰ বাবৰ আজমক লৈ শেহতীয়াকৈ এক অনুুষ্ঠানত মন্তব্য প্ৰকাশ কৰিছে ইংলেণ্ডৰ লেগ স্পিনাৰ আদিল ৰাছিদে । দুয়ো খেলুৱৈৰ ভিতৰত তেওঁৰ মতে কোন শ্ৰেষ্ঠ তাৰ প্ৰশ্নৰ উত্তৰত শেহতীয়া ফৰ্ম অনুসৰি বাবৰ আজম বিৰাটতকৈ উৰ্ধত স্থান দিম বুলি কয় ইংলেণ্ডৰ খেলুৱৈগৰাকীয়ে ।

উল্লেখ্য যে, সাম্প্ৰতিক সময়ত ৩১ বছৰীয়া বিৰাট কোহলিক বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ বেটছমেনৰ ভিতৰতেই গণ্য কৰা হয় । শেহতীয়াকৈ বাবৰ আজমেও বহু কিংবদন্তি খেলুৱৈৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

এক টেলিভিছন চেনেলক দিয়া সাক্ষাৎকাৰত ৰাছিদে কয়, এইয়া এক কঠিন প্ৰশ্ন, সেইবাবে শেহতীয়া ফৰ্মৰ প্ৰতি লক্ষ্য ৰাখি মই বাবৰ আজমক নিৰ্বাচিত কৰিম । মই ইয়াত ফৰ্মক গুৰুত্ব প্ৰদান কৰিছো । মই ভাৱো এইটো সময়ত বাবৰ আজম সুন্দৰ ফৰ্মত আছে । যাৰ বাবে তেওঁক মই নিৰ্বাচিত কৰিম । কিন্তু দুয়ো বিশ্বস্তৰীয় খেলুৱৈ ।

ইংলেণ্ডৰ ক্ৰিকেটাৰ আদিল ৰাছিদ

কৰ'ণা ভাইৰাছৰ বাবে বৰ্তমান স্তব্ধ হৈ পৰিছে বিশ্ব ক্ৰিকেট জগত । ইয়াৰ পূৰ্বে কোহলিয়ে কিছু ফৰ্মৰ সৈতে যুঁজি থাকিবলগীয়া হৈছিল । নিউজিলেণ্ড ভ্ৰমণতো ভাল প্ৰদৰ্শন কৰিবলৈ ব্যৰ্থ হৈছিল বিৰাট । তিনিওটা ফৰ্মেটৰ ১১ টা ইনিংছত মাত্ৰ ২১৮ ৰান হে কৰিবলৈ সক্ষম হৈছিল বিৰাট । আনহাতে বাবৰে আজমে বাংলাদেশৰ বিৰুদ্ধে এখন টেষ্ট মেচত অৱতীৰ্ণ হৈছিল য'ত ১৪৩ ৰান কৰিবলৈ সক্ষম হৈছিল খেলুৱৈগৰাকীয়ে । আনহাতে পাকিস্তান ছুপাৰ লীগতো ৪৯.২৯ গড় ৰানেৰে ৩৪৫ ৰান সংগ্ৰহ কৰিছিল বাবৰ আজমে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.