স্পৰ্টছ ডেস্ক, 4 আগষ্ট : আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ অভিষেক মেচতে উজলি উঠা যুৱ ভাৰতীয় ক্ৰিকেটাৰ নৱদ্বীপ চাইনীয়ে তেওঁৰ অভিষেক সন্দৰ্ভত মন্তব্য আগবঢ়াইছে ৷ চাইনীয়ে মন্তব্য কৰে যে, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টি - 20 মেচত তেওঁৰ হাতত ভাৰতীয় দলৰ টুপি প্ৰদান কৰোতে তেওঁ অভিভূত হৈ পৰিছিল ৷ টুপিটো লাভ কৰি তেওঁ ৰাষ্ট্ৰীয় দলৰ হৈ খেলিবলৈ সুযোগ লাভ কৰিছে বুলি বিশ্বাস কৰিব পৰা নাছিল বুলি মন্তব্য কৰে চাইনীয়ে ৷
উল্লেখ্য যে, 26 বৰ্ষীয় খেলুৱৈ গৰাকীয়ে শনিবাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত মেচত 17 ৰাণ খৰচ কৰি তিনিটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰোপৰি, অভিষক মেচতে 'মেন অৱ দা মেচ'ৰো সন্মান লাভ কৰে চাইনীয়ে ৷ শনিবাৰে অনুষ্ঠিত মেচত চাইনীৰ সুন্দৰ প্ৰদৰ্শনৰ জৰিয়তে ভাৰতীয় দলে ৱেষ্ট ইণ্ডিজক 95 ৰাণতে সীমাবদ্ধ ৰাখিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পাছতে ভাৰতে বেটিং কৰি 6 উইকেট হেৰুৱাই এই ৰাণৰ সীমা অতিক্ৰম কৰে ৷
নৱদ্বীপ চাইনীয়ে নিকোলাছ পুৰাণ, কেইৰণ পোলাৰ্ড আৰু শ্বিমৰণ হেটমেয়াৰৰ উইকেট দখল কৰিবলৈ সক্ষম হৈছিল ৷