স্পৰ্টছ ডেস্ক,7 আগষ্ট : ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শনেৰে 65 ৰাণৰ সুন্দৰ ইনিংছ গঢ়াৰ পাছতে নিজৰ প্ৰদৰ্শন সন্দৰ্ভত মন্তব্য আগবঢ়াইছে উইকেট কীপাৰ, বেটছমেন ঋষভ পন্তে ৷ তৃতীয় টি-20 ত ভাৰতে জয়লাভৰ পাছতে সতীৰ্থ ৰোহিত শৰ্মাক পন্তে জানিবলৈ দিয়ে যে, মেচত অৱতীৰ্ণ হোৱাৰ পূৰ্বে তেওঁ সদায়ে নিজৰ সামৰ্থ আৰু খেলৰ প্ৰণালীক বিশ্বাস কৰে ৷ বিচিচিআইয়ে প্ৰকাশ কৰা এক ভিডিঅ'ত পন্তে প্ৰথম দুখন টি -20 মেচত বেটিঙত নিৰাশাজনক প্ৰদৰ্শনৰ বিষয়েও উল্লেখ কৰে ৷
-
Guyana diaries: @ImRo45 & @RishabhPant17 unplugged
— BCCI (@BCCI) August 7, 2019 " class="align-text-top noRightClick twitterSection" data="
Two low scores & a match-winning fifty. The Hitman finds out how Pant turned it around in the final T20I - by @28anand #TeamIndia #WIvIND
Full video🎥 https://t.co/ybj8Lg0Ihz pic.twitter.com/Hz7IjxXchT
">Guyana diaries: @ImRo45 & @RishabhPant17 unplugged
— BCCI (@BCCI) August 7, 2019
Two low scores & a match-winning fifty. The Hitman finds out how Pant turned it around in the final T20I - by @28anand #TeamIndia #WIvIND
Full video🎥 https://t.co/ybj8Lg0Ihz pic.twitter.com/Hz7IjxXchTGuyana diaries: @ImRo45 & @RishabhPant17 unplugged
— BCCI (@BCCI) August 7, 2019
Two low scores & a match-winning fifty. The Hitman finds out how Pant turned it around in the final T20I - by @28anand #TeamIndia #WIvIND
Full video🎥 https://t.co/ybj8Lg0Ihz pic.twitter.com/Hz7IjxXchT
উল্লেখ্য যে,মঙলবাৰে অনুষ্ঠিত হোৱা মেচখনত ভাৰতে 147 ৰাণৰ লক্ষ্য অনুসৰণ কৰি 27 ৰাণতে দুটাকৈ উইকেট হেৰুৱায় ৷ ইয়াৰ পাছতে ঋষভ পন্ত আৰু অধিনায়ক বিৰাট কোহলীয়ে 106 ৰাণৰ ইনিংছ গঢ়ে ৷ কোহলীৰ 59 আৰু পন্তৰ 65 ৰাণৰ ইনিংছৰ জৰিয়তে ভাৰতে 7 উইকেটত জয়লাভ কৰে আৰু 3-0 ব্যৱধানত শৃংখলা দখল কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে,আগষ্টৰ 8 তাৰিখে গুৱানাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথমখন এদিনীয়া মেচ অনুষ্ঠিত হ'ব ৷