স্পৰ্টছ ডেস্ক, 18 জুনঃ ক্ৰমাৎ সুস্থ হৈ উঠিছে পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অলৰাউণ্ডাৰ খেলুৱৈ শ্বাহীদ আফ্ৰিদী । বৃহস্পতিবাৰে স্বাস্থ্যৰ অৱনতি ঘটা খবৰ সমূহক খণ্ডন কৰি এই কথা স্পষ্ট কৰে খেলুৱৈগৰাকীয়ে । অৱশ্যে প্ৰাৰম্ভিক পৰ্যায়ৰ দুই-তিনিটা দিন অলপ কঠিন আছিল বুলি জনায় আফিদ্ৰীয়ে ।
উল্লেখ্য় যে, বিগত সপ্তাহত টুইটাৰ যোগে নিজৰ কৰ'ণা পজিটিভ হোৱাৰ কথা সদৰি কৰিছিল আফ্ৰিদীয়ে । বৃহস্পতিবাৰে ফেচবুক ভিডিঅ' যোগে খেলুৱৈগৰাকীয়ে কয়, ছ'চিয়েল মিডিয়াত তেওঁৰ স্বাস্থ্য় সন্দৰ্ভত বহু খবৰ বা কথা শুনি থকাৰ পাচতেই তেওঁৰ স্বাস্থ্য পূৰ্বতকৈ আৰোগ্য় লাভৰ দিশে অগ্ৰসৰ হৈছে বুলি জানিবলৈ দিয়ে । অৱশ্যে প্ৰথম দুই-তিনিটা দিন কষ্টকৰ আছিল বুলিও উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।
তেওঁ লগতে কয় মোৰ বাবে অধিক কষ্টকৰ হৈছে মোৰ সন্তান কেইটাক আদৰ আৰু সাৱতি ধৰিব নোৱাৰা বিষয়টো । মই মোৰ সন্তান কেইটাক বহু মনত কৰি আছো । কিন্তু এইটো অতিকৈ জৰুৰী যে মই সাৱধানতা অৱলম্বনৰ লগতে তেওঁলোকৰ পৰা দুৰত্ব বজাই তেওঁলোকক সুৰক্ষিত কৰি ৰাখো । আনহাতে আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি যেতিয়ালৈ নিজে ভাইৰাছৰ সৈতে যুদ্ধ নকৰে তেতিয়ালৈ তাক পৰাজিত কৰিব নোৱাৰে বুলি কয় আফ্ৰিদীয়ে ।
আনহাতে সাহাৰ্যৰ উদ্দেশ্য়ে বিভিন্ন স্থানলৈ, বিভিন্ন লোকৰ সংস্পৰ্শলৈ যোৱাৰ বাবেই তেওঁ COVID-১৯ ত সংক্ৰমিত হ'ব পাৰে বুলি সেই সম্ভাৱনাৰ প্ৰতি জ্ঞাত আছিল বুলি জনায় খেলুৱৈগৰাকীয়ে । অৱশ্যে পলমকৈ সংক্ৰমণ হোৱাৰ বাবে ধন্যবাদ জনায় কিয়োনো অন্যথা বহু লোকক সহায় কৰাৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল হয় বুলি উল্লেখ কৰে আফ্ৰিদীয়ে । পাকিস্তানৰ বাহিৰৰ পৰাও তেওঁ আৰোগ্য কামনা কৰাকলৈ আনন্দ প্ৰকাশ কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰে খেলুৱৈগৰাকীয়ে । গৌতম গম্ভীৰেও আফ্ৰিদীৰ আৰোগ্য়ৰ কামনা কৰিছিল ।
লগতে চাওকঃ 'সত্যই প্ৰাধান্য পাবই',অভিনেতা সুশান্তৰ মৃত্যুত দোষী অভিযুক্ত একতা কাপুৰৰ মন্তব্য