স্পৰ্টছ ডেস্ক, 13 জুনঃ ইংলেণ্ড টেষ্ট শৃংখলাৰ পূৰ্বে পাকিস্তানৰ বেগী বলাৰ ৱাহাব ৰিয়াজৰ গুৰুত্বপূৰ্ণ মন্তব্য । পাকিস্তানৰ দলৰ মুখ্য় প্ৰশিক্ষক মিজৱাহ-উল-হক্ ক ক'লে ইংলেণ্ডৰ টেষ্ট শৃংখলাত প্ৰত্যাৱৰ্তনৰ বাবে সম্পূৰ্ণ সাজু ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৱাহাব ৰিয়াজে কিছু সময়ৰ বাবে ৰেড বল ক্ৰিকেট অৰ্থাৎ টেষ্ট ক্ৰিকেটৰ পৰা বিৰতি গ্ৰহণ কৰিছিল । আনহাতে টেষ্ট ক্ৰিকেটৰ পৰা ইতিমধ্য়ে অৱসৰ ঘোষণা কৰিছে মহম্মদ আমিৰে । গতিকে ৱাহাবৰ প্ৰত্যাৱৰ্তনে পাকিস্তান দলটোক কিছু পৰিমাণে শক্তিশালী কৰি তুলিব বুলি অনুমান কৰিব পাৰি ।
ইংলেণ্ডৰ বিৰুদ্ধে অহা আগষ্ট আৰু ছেপ্তেম্বৰ মাহত পাকিস্তানে তিনিখন টেষ্ট আৰু তিনিখন টি-20 মেচত অৱতীৰ্ণ হ'ব । COVID-১৯ ৰ পাচত দলটোৰ এইখন হ'ব প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ ।
শুকুৰবাৰে পাকিস্তান ক্ৰিকেট দলটোৱে নিজৰ 29 জনীয়া সদস্য়ৰ এটি দল ঘোষণা কৰে । য'ত অন্তৰ্ভুক্ত আছে ৱাহবৰ ৰিয়াজৰ নাম । ইতিমধ্য়ে ব্য়ক্তিগত কাৰণত এই ভ্ৰমণ পৰিহাৰ কৰিছে মহম্মদ আমিৰে ।
শেহতীয়াকৈ ৱাহাবক লৈ পাকিস্তানী দলৰ মুখ্য প্ৰশিক্ষক মিজৱাহ-উল-হক্ কে কয়, এই সন্দৰ্ভত ৱাহাব ৰিয়াজে দলৰ প্ৰয়োজনীয় অনুসৰি তেওঁ উপলব্ধ থাকিব বুলি জনাবলৈ দিছে । অৱশ্যে দীৰ্ঘদিনৰ বিৰতিৰ পিচত বেগী বলাৰৰ বাবে প্ৰত্যাৱৰ্তন কৰা সহজ নহয় বুলিও উল্লেখ কৰে প্ৰশিক্ষকগৰাকীয়ে ।
ৰিয়াজে পাকিস্তানৰ হৈ বৰ্তমানলৈকে 27 খন টেষ্ট মেচত অৱতীৰ্ণ হৈছে । অন্তিমবাৰৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 2018 চনত টেষ্ট ক্ৰিকেটত অৱতীৰ্ণ হৈছিল খেলুৱৈগৰাকী ।