ETV Bharat / sports

অষ্ট্ৰেলিয়াৰ মাটিত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিবলৈ ৰোহিতৰ যোগ্যতা আছে : হাছী

author img

By

Published : Jul 1, 2020, 12:45 PM IST

আগন্তুক ভাৰত-অষ্ট্ৰেলিয়া ছিৰিজ সম্পৰ্কত মাইক হাছীৰ মন্তব্য ৷ ভাৰতৰ সীমিত অ'ভাৰৰ সহ-অধিনায়ক ৰোহিতৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰাৰ 'যোগ্যতা আৰু মেজাজ' আছে বুলি মন্তব্য কৰে হাছীয়ে ৷

ৰোহিত সম্পৰ্কত হাছীৰ মন্তব্য
অষ্ট্ৰেলিয়াৰ মাটিত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিবলৈ ৰোহিতৰ যোগ্যতা আছে : হাছী

স্পৰ্টছ ডেস্ক, 1 জুলাই : এই বছৰৰ শেষৰভাগত ভাৰতীয় দলৰ অষ্ট্ৰেলিয়া ভ্ৰমণ সম্পৰ্কত মন্তব্য আগবঢ়াইছে কিংবদন্তী অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ মাইক হাছীয়ে ৷ হাছীয়ে কয় যে, ভাৰতৰ সীমিত অ'ভাৰৰ সহ-অধিনায়ক ৰোহিত শৰ্মাৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰাৰ 'যোগ্যতা আৰু মেজাজ' আছে ৷

ৰোহিত সম্পৰ্কত হাছীৰ মন্তব্য
ৰোহিত শৰ্মা

উল্লেখ্য যে, 3 ডিচেম্বৰৰ পৰা ব্ৰিছবেনৰ গাব্বাত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট ছিৰিজত অৱতীৰ্ণ হ'ব ৷ এই ছিৰিজত সকলোৰে দৃষ্টি ৰোহিতৰ ওপৰত নিবদ্ধ হ'ব যিহেতু যোৱা বছৰৰ অক্টোবৰত অপেনাৰ হিচাপে টেষ্টত আত্মপ্ৰকাশ ঘটোৱা খেলুৱৈগৰাকীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিটা শতক কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰে এটা দ্বিশতক আছিল ৷ ইয়াৰ পাচতে নিউজিলেণ্ডৰ বিৰুদ্ধে তেওঁ আঘাতপ্ৰাপ্ত হোৱা বাবে মেচত অংশগ্ৰহণ কৰিব পৰা নাছিল ৷

হাছীয়ে কয়, "বিশ্বৰ যিকোনো বেটছমেনকে মেচসমূহৰ জৰিয়তে পৰীক্ষা কৰা হয় ৷ ৰোহিতে বহুসংখ্যক এদিনীয়াত অংশগ্ৰহণ কৰিছে আৰু তেওঁ ৰেড বল মেচত সফলতা অৰ্জন কৰিছে ৷ এই সফলতাৰ জৰিয়তে ৰোহিতে বহু আত্মবিশ্বাস যুগুতাবলৈ সক্ষম হৈছে ৷"

ৰোহিত সম্পৰ্কত হাছীৰ মন্তব্য
ৰোহিত শৰ্মা

"মোৰ কোনো সন্দেহ নাই যে, এখন মেচ নিয়াৰিকৈ চলাবলৈ তেওঁৰ কৌশল, সামৰ্থ আৰু মেজাজ আছে ৷"

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বাওঁহতীয়া বেটছমেন হাছীয়ে কয়, "মই ভাবো তেওঁ পৰিস্থিতিৰ সৈতে খাপ খাব পাৰিব ৷ অপেনাৰ হিচাপে তেওঁৰ প্ৰদৰ্শনক লৈ কোনো সন্দেহ নাই ৷ অষ্ট্ৰেলিয়াত দুই দলৰ শীৰ্ষ স্থানৰ বলাৰ তথা বেটছমেনৰ মাজত এখন ভাল প্ৰতিযোগিতা দেখিবলৈ পোৱা যাব ৷"

আগন্তুক ছিৰিজত অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ আৰু ৱাৰ্ণাৰৰ যুগলবন্দীয়ে ভাৰতক সমস্যাত পেলাব বুলিও মন্তব্য কৰে হাছীয়ে ৷ 2018 চনত এই দুই খেলুৱৈৰ অনুপস্থিতিত ভাৰতে অষ্ট্ৰেলিয়াত টেষ্ট ছিৰিজ দখল কৰিবলৈ সক্ষম হৈছিল ৷ উল্লেখ্য যে, সেই সময়তে বল টেম্পাৰিঙৰ অভিযোগত স্মিথ আৰু ৱাৰ্ণাৰ এবছৰৰ বাবে নিষেধাজ্ঞাৰ সন্মুখীন হৈছিল ৷ 2018-19 চনত ভাৰতে প্ৰথমটো টেষ্ট ছিৰিজ অষ্ট্ৰেলিয়াত দখল কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক : প্ৰীমিয়াৰ লীগ : ফাৰ্ণাণ্ডেজেৰ গ'লেৰে মানচেষ্টাৰ ইউনাইটেডৰ বিশাল জয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.