ETV Bharat / sports

পিতৃ-মাতৃও জ্ঞাত নাছিল নাতাশাৰ বিষয়ে : হাৰ্দিক পাণ্ডিয়া

নাতাশা ষ্টানকোভিচৰ সৈতে আঙুঠি পিন্ধোৱা সন্দৰ্ভত এক ৰহস্য ফাদিল কৰিছে স্বয়ং ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াই । আঙুঠি পিন্ধাবলৈ যোৱা কথাক লৈ পিতৃ-মাতৃ জ্ঞাত নাছিল বুলি কয় খেলুৱৈগৰাকীয়ে ।

author img

By

Published : Jun 4, 2020, 7:56 PM IST

Hardik Pandya said his parents did not know about Natasa

স্পৰ্টছ ডেস্ক, 4 জুনঃ শেহতীয়াকৈ চৰ্চালৈ আহিছিল হাৰ্দিক পাণ্ডিয়াৰ প্ৰেয়সী নাতাশা ষ্টানকোভিচৰ গৰ্ভৱতীৰ কথা । কিন্তু এইবাৰ স্বয়ং হাৰ্দিক পাণ্ডিয়াই ফাদিল কৰিছে নাতাশা ষ্টানকোভিচ আৰু তেওঁৰ মাজৰ এক ৰহস্য । চলিত বৰ্ষৰ 1 জানুৱাৰীত প্ৰেয়সী নাতাশা ষ্টানকোভিচক আঙুঠি পিন্ধাইছিল ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ খেলুৱৈ হাৰ্দিক পাণ্ডিয়াই ।

পিতৃ-মাতৃও জ্ঞাত নাছিল নাতাশাৰ বিষয়ে : হাৰ্দিক পাণ্ডিয়া
পিতৃ-মাতৃও জ্ঞাত নাছিল নাতাশাৰ বিষয়ে : হাৰ্দিক পাণ্ডিয়া

কিন্তু এই আঙুঠি পিন্ধোৱা কাৰ্যটো আছে এক আমোদজনক কথা । হৰ্ষা ভ'গলেৰ সৈতে বাৰ্তালাপত হাৰ্দিক পাণ্ডিয়াই কয় নাতাশাৰ সৈতে আঙুঠি পিন্ধাবলৈ যোৱা বিষয়ে জ্ঞাত নাছিল খেলুৱৈগৰাকীৰ পিতৃ-মাতৃ । তেওঁ কয়, ডুবাইত মই নাতাশাক আঙুঠি পিন্ধাইছিলো । আঙুঠি পিন্ধোৱাৰ দুদিন পূৰ্বে কেৱল ক্ৰোণাল পাণ্ডিয়াক এই কথা কোৱা বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।

তেওঁ ক্ৰোণালক কৈছিল, মই আঙুঠি পিন্ধোৱাৰ কথা চিন্তা কৰি আছো । জীৱনত বহু হ'ল এতিয়া মই কাৰোবাক পাইছো । যাক মই সঁচাকৈ ভাল পাওঁ । মই ভাবিছো মই এতিয়া শিকি আছো আৰু এজন ভাল মানুহ হ'বলৈ গৈ আছো । মই আগুৱাই যাবলৈ আৰু ভাল হ'বলৈ যত্ন কৰিছো । মই নিজক একাষৰীয়া কৰি আনক প্ৰাথমিকতা দিবলৈ চেষ্টা কৰিছো ।

26 বছৰীয়া খেলুৱৈগৰাকীয়ে নাতাশাৰ সৈতে প্ৰথম লগ পোৱাৰ কথাও উল্লেখ কৰে । তেওঁ কয় সেই সময়ত নাতাশাই মোৰ বিষয়ে একো জ্ঞাত নাছিল । মই তেওঁৰ লগত কথা পাতি আছিলো কিন্তু তেওঁ জনা নাছিল মই কোন হয় ।

লগতে চাওকঃ ডিব্ৰুগড়ৰ এজন অপ্ৰতিৰুদ্ধ যোদ্ধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.