স্পৰ্টছ ডেস্ক, 6 জুনঃ ক্ৰীড়াজগতৰ পাচত এইবাৰ তামিল ছবিজগতত খলকনি তুলিবলৈ সাজু হৈছে ভাৰতীয় ক্ৰিকেটাৰ হৰভজন সিং। শেহতীয়াকৈ নিজৰ আহিবলগীয়া এখন তামিল চিনেমাৰ প্ৰথম প'ষ্টাৰ মুকলি কৰে ছ'চিয়েল মিডিয়াত খেলুৱৈগৰাকীয়ে। হৰভজন সিং অভিনীত এই ছবিখনৰ নাম হৈছে "ফ্ৰেণ্ডশ্বিপ" । যদি দেশত পৰিস্থিতি ভাললৈ গতি কৰে তেন্তে অহা আগষ্ট মাহত মুক্তি লাভ কৰিব ছবিখনে ।
-
இடியும்,மின்னலும் ஆர்பரிக்க இதோ #சூப்பர்ஸ்டார் #தல #தளபதி #உலகநாயகன் கோட்டையில் நம்ம #FriendShipFirstLook #FriendShipMotionPosterhttps://t.co/cSKWBMo4qBhttps://t.co/Ul58aIwsw1@JPRJOHN1 @ImSaravanan_P @shamsuryastepup @JSKfilmcorp @akarjunofficial #Losliya @Cinemaass pic.twitter.com/4NUTysM9j4
— Harbhajan Turbanator (@harbhajan_singh) June 5, 2020 " class="align-text-top noRightClick twitterSection" data="
">இடியும்,மின்னலும் ஆர்பரிக்க இதோ #சூப்பர்ஸ்டார் #தல #தளபதி #உலகநாயகன் கோட்டையில் நம்ம #FriendShipFirstLook #FriendShipMotionPosterhttps://t.co/cSKWBMo4qBhttps://t.co/Ul58aIwsw1@JPRJOHN1 @ImSaravanan_P @shamsuryastepup @JSKfilmcorp @akarjunofficial #Losliya @Cinemaass pic.twitter.com/4NUTysM9j4
— Harbhajan Turbanator (@harbhajan_singh) June 5, 2020இடியும்,மின்னலும் ஆர்பரிக்க இதோ #சூப்பர்ஸ்டார் #தல #தளபதி #உலகநாயகன் கோட்டையில் நம்ம #FriendShipFirstLook #FriendShipMotionPosterhttps://t.co/cSKWBMo4qBhttps://t.co/Ul58aIwsw1@JPRJOHN1 @ImSaravanan_P @shamsuryastepup @JSKfilmcorp @akarjunofficial #Losliya @Cinemaass pic.twitter.com/4NUTysM9j4
— Harbhajan Turbanator (@harbhajan_singh) June 5, 2020
ইনষ্টাগ্ৰাম,টুইটাৰত এই ছবিখনৰ প্ৰথম প'ষ্টাৰ শ্বেয়াৰ কৰে খেলুৱৈগৰাকীয়ে। এই ছবিখনৰ পৰিচালনা কৰিছে জন পল ৰাজ আৰু শাম সূৰ্যই । প'ষ্টাৰখনত দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা অৰ্জুনৰ সৈতে দেখা পোৱা গৈছে খেলুৱৈগৰাকীক। এতিয়া খেলুৱৈগৰাকীক ছবিৰ পৰ্দাত চাবলৈ অনুৰাগীৰ মাজত ব্য়াপক উৎকন্ঠা দেখা পোৱা গৈছে । আশা কৰা হৈছে ক্ৰিকেটৰ মৈদানত যিদৰে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে,তেনেকৈ অভিনয় জগততো সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় খেলুৱৈগৰাকী। দীৰ্ঘ সময়ৰ পৰা ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰিকেট দলত হৰভজন সিঙক দেখা পোৱা যোৱা নাই যদিও আইপিএলত সুন্দৰ প্ৰদৰ্শন কৰি আহিছে খেলুৱৈগৰাকীয়ে। বৰ্তমানে চেন্নাই চুপাৰ কিংছ দলৰ সৈতে চুক্তিবদ্ধ হৈ আছে হৰভজন সিং।
লগতে চাওকঃ জন্মু-কাশ্মীৰৰ কঠুৱাৰ আন্তঃৰাষ্ট্ৰীয় সীমাত পাকিস্তানী সেনাৰ গুলীবৰ্ষণ