ETV Bharat / sports

ইংলেণ্ড ভ্ৰমণৰ বাবে পাকিস্তান দলত অন্তৰ্ভুক্ত 19 বছৰ অনুৰ্ধ্ব খেলুৱৈ হায়দাৰ আলি

author img

By

Published : Jun 12, 2020, 4:26 PM IST

ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন টেষ্ট আৰু তিনিখন টি-20 শৃংখলাৰ বাবে পাকিস্তান দলত অন্তৰ্ভুক্ত দুগৰাকীকৈ যুৱ খেলুৱৈ । হায়দাৰ আলি সহিতে কাশিফ ভাট্টিক পাকিস্তান দলত স্থান । কাশিফক ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়,-শ্ৰীলংকা টেষ্টৰ বাবে ৰখা হৈছিল দলত । আনহাতে বাংলাদেশৰ বিৰুদ্ধে ৰাৱালপিন্দি টেষ্টতো সম্ভাৱনীয় খেলুৱৈৰ তালিকাত নাম আছিল কাশিফৰ ।

Haider Ali named in 29-member Pakistan squad for England tour

স্পৰ্টছ ডেস্ক, 12 জুনঃ ইংলেণ্ডৰ গৃহভূমিত আগষ্ট-ছেপ্তেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া তিনিখন টেষ্ট আৰু তিনিখন টি-20 মেচৰ শৃংখলাৰ বাবে পাকিস্তান দলত অন্তৰ্ভুক্ত কৰা হৈছে 19 বছৰ অনুৰ্ধ্ব খেলুৱৈ হায়দাৰ আলিক । 2019-20 বৰ্ষৰ শ্বেচত সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল প্ৰতিভাৱান যুৱ খেলুৱৈগৰাকী । যাৰ বাবে 2020-21 ৰ উদীয়মান খেলুৱৈৰ চুক্তি লাভ কৰিবলৈ সক্ষম হৈছে হায়দাৰ আলিয়ে । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 317 ৰানেৰে পাকিস্তানৰ 19 বছৰ অনুৰ্ধ্ব ক্ৰিকেটৰ দ্বিতীয়গৰাকী সফল বেটছমেন হৈছে আলি । আনহাতে বাংলাদেশত অনুষ্ঠিত এচিচি ইমাৰ্জিং টিমছ কাপত 218 ৰানেৰে পঞ্চমগৰাকী সৰ্বাধিক ৰান কৰা খেলুৱৈ আছিল হায়দাৰ । ফাইনেলত শতক অৰ্জন কৰাৰ লগতে মুঠ 645 ৰান কৰিবলৈ সক্ষম হৈছিল হায়দাৰ আলিয়ে ।

এই ইংলেণ্ড ভ্ৰমণৰ বাবে হায়দাৰ আলিৰ লগতে কাশিফ ভাট্টিকো পাকিস্তান দলত অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ পূৰ্বে কাশিফক অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকা টেষ্টৰ বাবেও পাকিস্তান দলত স্থান দিয়া হৈছিল । অৱশ্য়ে সেই মেচ সমূহত খেলাৰ সুযোগ পোৱা নাছিল খেলুৱৈগৰাকী । আনহাতে বাংলাদেশৰ বিৰুদ্ধে ৰাৱালপিন্দি টেষ্টতো সম্ভাৱনীয় খেলুৱৈৰ তালিকাত নাম আছিল কাশিফৰ ।

হায়দাৰ, কাশিফ হাৰিছ ছ'য়েলক বাদ দি পিচিবিয়ে ফাহিম আশ্ৰাফ, ফাৱাড আলাম, ইমৰাণ খান, খুছদিল শ্বাহ, মহম্মদ হাফিজ আৰু ৱাহাব ৰিয়াজৰ নাম নিৰ্বাচিত কৰিছে । আনহাতে এই ভ্ৰমণৰ বাবে চাৰিগৰাকী খেলুৱৈক সংৰক্ষিত হিচাপে লোৱা হৈছে । সেই খেলুৱৈ সকল হ'ল বিলাল আছিফ, ইমৰাণ বট্ট, মুছা খান আৰু মহম্মদ নাৱাজ । কোনো খেলুৱৈয়ে COVID-১৯ টেষ্টত বিফল হ'লে এই চাৰিখেলুৱৈৰ পৰা কোনো খেলুৱৈয়ে স্থান দিয়া হ'ব দলত ।

হাছান আলি, মহম্মদ আমিৰ, হাৰিছ ছ'য়েল এই ভ্ৰমণৰ বাবে উপলব্ধ নহয় । হাছান আঘাতৰ বাবে আনহাতে ব্য়ক্তিগত কাৰণত আমিৰ আৰু হাৰিছে এই ভ্ৰমণসূচীৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.