ETV Bharat / sports

ন্যায় ব্যৱস্থালৈ কৃতজ্ঞতা প্ৰকাশ হাছিন জাহানৰ

ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছামীলৈ গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পাছতে ন্যায় ব্যৱস্থালৈ কৃতজ্ঞতা জ্ঞাপন কৰে হাছিন জাহানে ৷ সোমবাৰে কলিকতাৰ আলিপুৰ আদালতে ছামীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল ৷ প্ৰাক্তন পত্নী হাছিন জাহানে ছামীৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰি গোচৰ তৰিছিল ৷ আদালতে ছামী আৰু ভাতৃ হাছিদ আহমেদক 15 দিনৰ ভিতৰত আত্মসমৰ্পন কৰিবলৈ নিৰ্দেশ দিছে ৷

author img

By

Published : Sep 3, 2019, 6:29 PM IST

ন্যায় ব্যৱস্থালৈ কৃতজ্ঞতা প্ৰকাশ হাছিন জাহানৰ

স্পৰ্টছ ডেস্ক, 3 ছেপ্তেম্বৰ : ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছামীলৈ গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পাছতে ন্যায় ব্যৱস্থালৈ কৃতজ্ঞতা জ্ঞাপন কৰে হাছিন জাহানে ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হাছিন জাহানে মন্তব্য কৰে, "মই আল্লা আৰু ন্যায় ব্যৱস্থাৰ ওচৰত কৃতজ্ঞ ৷ এবছৰতকৈ বেছি সময় ধৰি মই ন্যায়ৰ বাবে যুঁজি আছো ৷ কিন্তু ন্যায় পাম নে নাপাম সেই লৈ মই হতাশাত ভুগিছিলো ৷ এয়া ন্যায়ৰ দিশত প্ৰথম পদক্ষেপ ৷"

15 দিনৰ ভিতৰত আত্মসমৰ্পনৰ নিৰ্দেশ
ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছামীলৈ গ্ৰেপ্তাৰী পৰোৱানা

লগতে জাহানে মন্তব্য কৰে, "ছামীয়ে নিজকে এজন বহু শক্তিশালী আৰু ডাঙৰ ক্ৰিকেটাৰ বুলি ভাৱে ৷ মই পশ্চিমবংগৰ পৰা নোহোৱা হ'লে আৰু মমতা বেনাৰ্জী ইয়াৰ মুখ্যমন্ত্ৰী নোহোৱা হ'লে মই পশ্চিমবংগতো বসবাস কৰিব নোৱাৰিলোহেঁতেন ৷ উত্তৰ প্ৰদেশৰ অমৰোহা আৰক্ষীয়ে মোক আৰু মোৰ কন্যাক হাৰাশাস্তি কৰিবৰ চেষ্টা কৰিছিল যদিও ভগৱানৰ কৃপাত তেওঁলোক সফল নহ'ল ৷"

উল্লেখ্য যে, সোমবাৰে কলিকতাৰ আলিপুৰ আদালতে ছামীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল ৷ প্ৰাক্তন পত্নী হাছিন জাহানে ছামীৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰি গোচৰ তৰিছিল ৷ আদালতে ছামী আৰু ভাতৃ হাছিদ আহমেদক 15 দিনৰ ভিতৰত আত্মসমৰ্পন কৰিবলৈ নিৰ্দেশ দিছে ৷

হাছিন জাহানে আদালতত গোচৰ ৰুজু কৰাৰ লগতে ছামী আৰু তেওঁৰ পৰিয়ালে অত্যাচাৰ কৰাৰ অভিযোগ আনিছিল ৷ ছামীৰ পৰা প্ৰতিমাহে 7 লাখ টকাকৈ পৰিয়াল পোহপাল দিবৰ বাবে দাবী জনাইছিল জাহানে ৷ আদালতে তেওঁৰ এই আবেদন স্বীকাৰ কৰি প্ৰতিমাহে 80,000 টকাকৈ কন্যাৰ বাবে আবন্টন কৰাইছিল ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.