নিউজ ডেস্ক, ৪ মাৰ্চ: ভাৰতীয় মহিলা ক্ৰিকেট দলৰ বলাৰ ঝুলন গোস্বামীয়ে আইচিচি এদিনীয়া ৰেংকিঙৰ শীৰ্ষ স্থান পুনৰ দখল কৰিবলৈ সক্ষম হৈছে । ইংলেণ্ডৰ বিৰুদ্ধে তিনিখনীয়া শৃংখলাত ২-১ ৰ ব্যৱধানত ভাৰতে জয় লাভ কৰাৰ পাছতে গোস্বামী শীৰ্ষ স্থানলৈ উন্নীত হয় ।
উল্লেখ্য যে, ইংলেণ্ডৰ বিৰুদ্ধে এই শৃংখলাত তাৰকা খেলুৱৈ গৰাকীয়ে সংগ্ৰহ কৰিছিল ৮ টাকৈ উইকেট ।