ETV Bharat / sports

এছেজ টেষ্ট : অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত ইংলেণ্ড - 251 ৰাণত পৰাস্ত

এছেজৰ প্ৰথমখন টেষ্টত 251 ৰাণত পৰাস্ত হৈছে ইংলেণ্ড দল ৷ অষ্ট্ৰেলিয়াই বান্ধি দিয়া 398 ৰাণৰ লক্ষ্যৰ পৰিৱৰ্তে ইংলেণ্ডে 146 ৰাণত আটাইকেইটা উইকেট হেৰুৱায় ৷

এছেজ টেষ্ট
author img

By

Published : Aug 5, 2019, 9:58 PM IST

স্পৰ্টছ ডেস্ক, 5 আগষ্ট : এজবেষ্টনত অনুষ্ঠিত প্ৰথমখন এছেজ টেষ্ট মেচত সোমবাৰে ইংলেণ্ডক 251 ৰাণত পৰাস্ত কৰে অষ্ট্ৰেলিয়া দলে ৷ অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথে মেচখনৰ দুয়োটা ইনিংছতে শতক অৰ্জন কৰি দলৰ জয়ত মুখ্য ভূমিকা পালন কৰে ৷ প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াৰ 284 ৰাণৰ বিপৰীতে ইংলেণ্ডে 374 ৰাণ সংগ্ৰহ কৰি 90 ৰাণৰ অগ্ৰগতি লাভ কৰিছিল ৷ ইয়াৰ পাছতে দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়া দলে 7 টা উইকেট হেৰুৱাই 487 ৰাণ সংগ্ৰহ কৰে আৰু ইংলেণ্ডৰ সন্মুখত 398 ৰাণৰ লক্ষ্য বান্ধি দিয়ে ৷ কিন্তু ইংলেণ্ডে আটাইকেইটা উইকেট হেৰুৱাই 146 ৰাণহে কৰিবলৈ সক্ষম হয় ৷

এই মেচতে ষ্টিভ স্মিথে অষ্ট্ৰেলিয়াৰ হৈ দুয়োটা ইনিংছতে শতক অৰ্জন কৰা পঞ্চম গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয় ৷ ইয়াৰোপৰি, তেওঁ ভাৰতীয় অধিনায়ক বিৰাট কোহলীক অতিক্ৰম কৰি 25 সংখ্যক টেষ্ট শতক গঢ়া দ্বিতীয় গৰাকী দ্ৰুততম বেটছমন হিচাপে পৰিগণিত হয় ৷

ETV BHARAT ASSAM
অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত ইংলেণ্ড

উল্লেখ্য যে, ল'ৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত 14 আগষ্টৰ পৰা এছেজৰ দ্বিতীয়খন টেষ্ট মেচ অনুষ্ঠিত হ'ব ৷

FIRST ASHES TEST : AUS DEFEAT ENG BY 251 RUNS

এছেজ টেষ্ট : অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত ইংলেণ্ড

স্পৰ্টছ ডেস্ক, 5 আগষ্ট : এজবেষ্টনত অনুষ্ঠিত প্ৰথমখন এছেজ টেষ্ট মেচত সোমবাৰে ইংলেণ্ডক 251 ৰাণত পৰাস্ত কৰে অষ্ট্ৰেলিয়া দলে ৷ অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথে মেচখনৰ দুয়োটা ইনিংছতে শতক অৰ্জন কৰি দলৰ জয়ত মুখ্য ভূমিকা পালন কৰে ৷ প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াৰ 284 ৰাণৰ বিপৰীতে ইংলেণ্ডে 374 ৰাণ সংগ্ৰহ কৰি 90 ৰাণৰ অগ্ৰগতি লাভ কৰিছিল ৷ ইয়াৰ পাছতে দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়া দলে 7 টা উইকেট হেৰুৱাই 487 ৰাণ সংগ্ৰহ কৰে আৰু ইংলেণ্ডৰ সন্মুখত 398 ৰাণৰ লক্ষ্য বান্ধি দিয়ে ৷ কিন্তু ইংলেণ্ডে আটাইকেইটা উইকেট হেৰুৱাই 146 ৰাণহে কৰিবলৈ সক্ষম হয় ৷

এই মেচতে দুয়োটা ইনিংছতে শতক অৰ্জন কৰা ষ্টিভ স্মিথে অষ্ট্ৰেলিয়াৰ হৈ দুয়োটা ইনিংছতে শতক অৰ্জন কৰা পঞ্চম গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয় ৷ ইয়াৰোপৰি, তেওঁ ভাৰতীয় অধিনায়ক বিৰাট কোহলীক অতিক্ৰম কৰি 25 সংখ্যক টেষ্ট শতক গঢ়া দ্বিতীয় গৰাকী দ্ৰুততম বেটছমন হিচাপে পৰিগণিত হয় ৷

উল্লেখ্য যে, ল'ৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত 14 আগষ্টৰ পৰা এছেজৰ দ্বিতীয়খন টেষ্ট মেচ অনুষ্ঠিত হ'ব ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.