ETV Bharat / sports

ঘৰুৱা ক্ৰিকেটত ভাল প্ৰদৰ্শন কৰিও মই ৰাষ্ট্ৰীয় দলত স্থান নাপালো : ইৰফান পাঠান - অল ৰাউণ্ডাৰ ইৰফান পাঠান

"যোৱা দুই-তিনি বছৰত মই বুজি উঠিছিলো যে ঘৰুৱা ক্ৰিকেটত ভাল প্ৰদৰ্শন কৰাৰ পাচতো মোক ৰাষ্ট্ৰীয় দলত স্থান প্ৰদান কৰিব বিচৰা নাছিল" - ইৰফান পাঠান ৷

অল ৰাউণ্ডাৰ ইৰফান পাঠান
ঘৰুৱা ক্ৰিকেটত ভাল প্ৰদৰ্শন কৰিও মই ৰাষ্ট্ৰীয় দলত স্থান নাপালো : ইৰফান পাঠান
author img

By

Published : Jun 2, 2020, 9:38 AM IST

স্পৰ্টছ ডেস্ক, 2 জুন : ক্ৰিকেটৰ সকলো ফৰমেটৰ পৰা চলিত বছৰত অৱসৰ গ্ৰহণ কৰাৰ কাৰণ ফাদিল কৰে অল ৰাউণ্ডাৰ ইৰফান পাঠানে ৷ পাঠানে কয় যে, যোৱা দুই-তিনি বছৰত তেওঁ বুজি উঠিছিল যে ঘৰুৱা ক্ৰিকেটত ভাল প্ৰদৰ্শন কৰাৰ পাচতো তেওঁক ৰাষ্ট্ৰীয় দলত স্থান প্ৰদান কৰিব বিচৰা নাছিল ৷

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ
অল ৰাউণ্ডাৰ ইৰফান পাঠান

য়ুছুফ পাঠানৰ সৈতে মহম্মদ কাইফৰ এক ইনষ্টাগ্ৰাম লাইভৰ সময়ত ইৰফান পাঠানেও বাৰ্তালাপ কৰিছিল ৷ সেই বাৰ্তালাপতে কাইফে ইৰফানক প্ৰশ্ন কৰিছিল যে, তেওঁ কিয় এই বছৰতে কেৰিয়াৰৰ অৱসান ঘটালে ৷

ইৰফান পাঠানে প্ৰত্যুত্তৰত কৈছিল, "যোৱা দুই-তিনি বছৰত এই কথা প্ৰমাণিত হৈছিল যে, তেওঁলোকে মোক ৰাষ্ট্ৰীয় দলত স্থান প্ৰদান কৰিব বিচৰা নাছিল ৷ মই বল ছুইং কৰি আছিলো, ছৈয়দ মুস্তাক আলি ট্ৰফীত মই ভাল প্ৰদৰ্শন কৰিছিলো ৷ ৰঞ্জী ট্ৰফীতো মই বেট আৰু বলেৰে ভাল প্ৰদৰ্শন কৰিছিলো ৷"

তেওঁ লগতে কয়, "দলত নিৰ্বাচন লাভ নকৰাৰ পাচতো যদি কোনো খেলুৱৈয়ে ঘৰুৱা ক্ৰিকেটত প্ৰদৰ্শন আগবঢ়াই আছে তেন্তে নিৰ্বাচিত হোৱাৰ যোগ্যতা থকাৰ পাচতো তেওঁৰ সুবিধা প্ৰদান কৰা হোৱা নাই ৷ এনে কৰিলে সেই লোকজনৰ সন্মানত আঘাত প্ৰদান কৰা হয় ৷"

উল্লেখ্য যে, ইয়াৰ পূৰ্বে পাঠানে বিচিচিআইক বিদেশী টি-20 লীগত অংশগ্ৰহণৰ অনুমতি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছিল ৷ বিচিচিআইৰ সৈতে চুক্তি সাক্ষৰিত নকৰা খেলুৱৈ সকলক এনে লীগত অংশগ্ৰহণ কৰিবলৈ বিচিচিআইয়ে অনুমতি প্ৰদান কৰা উচিত বুলি ইৰফানে মন্তব্য কৰিছিল ৷ পাঠানে চলিত বৰ্ষৰ জানুৱাৰী মাহত ক্ৰিকেটৰ সকলো ফৰমেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷

35 বৰ্ষীয় ইৰফানে 2007 চনত পাকিস্তানৰ বিৰুদ্ধে টি-20 বিশ্বকাপৰ ফাইনেলত দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল ৷ তেওঁ চাৰি অ'ভাৰত 16 ৰাণ দি 3 টাকৈ উইকেট দখল কৰিছিল আৰু 'প্লেয়াৰ অৱ দা মেচ' সন্মান লাভ কৰিছিল ৷

আনহাতে, টেষ্ট ক্ৰিকেটত ভাৰতৰ হৈ হেট-ট্ৰিক সংগ্ৰহ কৰা তিনিজন ভাৰতীয় বলাৰৰ ভিতৰত অন্যতম হৈছে ইৰফান পাঠান ৷ ইয়াৰোপৰি, মেচৰ প্ৰথম অ'ভাৰতে হেট-ট্ৰিক অৰ্জন কৰা বিশ্বৰ প্ৰথম গৰাকী ক্ৰিকেটাৰ আছিল ইৰফান পাঠান ৷

পাঠানে ভাৰতৰ হৈ 29 খন টেষ্ট, 120 খন এদিনীয়া আৰু 24 খন টি-20 ত অংশগ্ৰহণ কৰিছে আৰু সকলো ফৰমেটত সৰ্বমুঠ 301 টা উইকেট দখল কৰিছে ৷ ইয়াৰোপৰি, তেওঁৰ দখলত আছে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ 2,921 ৰাণ ৷ এটা শতকৰ উপৰি 11 টা অৰ্ধ শতক কৰিবলৈ সক্ষম হৈছিল অল ৰাউণ্ডাৰ গৰাকীয়ে ৷ শ্ৰীলংকাৰ বিৰুদ্ধে 2012 চনত তেওঁ অন্তিম বাৰৰ বাবে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.