স্পৰ্টছ ডেস্ক, 2 ডিচেম্বৰ: নিউজিলেণ্ডৰ ছেড্ডন পাৰ্কৰ হেমিল্টনত নিউজিলেণ্ড আৰু ইংলেণ্ডৰ মাজত চলি থকা দুখন মেচৰ টেষ্ট শৃংখলাৰ অন্তিমখন মেচত 101 ৰানৰ অগ্ৰগতি ইংলেণ্ডৰ ৷ নিউজিলেণ্ডৰ প্ৰথম ইনিংছৰ 375 ৰানৰ প্ৰত্যুত্তৰত ইংলেণ্ডে প্ৰথম ইনিংছত 476 ৰানত অল আউট হয় ৷ জু ৰুটৰ দ্বি-শতক আৰু ৰ’ৰী বাৰ্ণছৰ শতকীয় ইনিংছৰ ফলতেই 101 ৰানৰ বৃহৎ অগ্ৰগতি লাভ ইংলেণ্ডৰ ৷ আনহাতে উইকেটকীপাৰ অলি প’পে 75 ৰানৰ বৰঙণি দিয়ে ৷
ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰি টম লেথামৰ শতক (105),আৰু ৰছ টেইলৰ (53), বিজে ৱাটলিং (55), ডাৰ্য়েল মিটচেলৰ (73) অৰ্ধশতকীয় ইনিংছেৰে নিউজিলেণ্ডে প্ৰথম ইনিংছত 375 ৰান কৰিবলৈ সক্ষম হৈছিল ৷
ইতিমধ্যে শৃংখলাত 1-0 ৰ অগ্ৰগতি লাভ কৰি আছে কেন উলিয়ামছন নেতৃত্বাধীন নিউজিলেণ্ড দলটোৱে ৷