স্পৰ্টছ ডেস্ক, 5 জুলাই : ক’ভিড-19 ৰ পাচত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচৰ বাবে শনিবাৰে ইংলেণ্ড ক্ৰিকেট দলৰ 13 জনীয়া সদস্যৰ নাম ঘোষণা ইচিবিৰ ৷ অহা 8 জুলাইত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ছাউথএম্পটনত প্ৰথমখন টেষ্ট মেচ অৱতীৰ্ণ হ’ব ঘৰুৱা দলটো ৷ কেৰিবিয়ান দলটোৰ বিৰুদ্ধে মুঠ তিনিখন মেচৰ টেষ্ট শৃংখলা অনুষ্ঠিত হ’ব ৷
সদ্য ঘোষিত দলত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই উইকেটকীপাৰ বেটছমেন জনী বেয়াৰেষ্ট’ আৰু অলৰাউণ্ডাৰ খেলুৱৈ মইন আলীয়ে ৷ 13 জনীয়া সদস্যৰ ভিতৰত আছে- বেন ষ্ট’কছ (অঃ), জছ বাটলাৰ (সঃঅঃ), জেমছ এণ্ডাৰছন, জফ্ৰা আৰ্চাৰ, ড’মিনিক বেছ, ষ্টুৱাৰ্ড ব্ৰড, ৰৰী বাৰ্ণাছ, জেক্ ক্ৰাৱলী, জ’ ডেনলী, অলি প’প, ড’ম ছিবলে, ক্ৰীছ ৱক্ছ, মাৰ্ক ৱুড ৷ আনহাতে সংৰক্ষিত খেলুৱৈ সকল হৈছে- জেমছ ব্ৰাচি, ছেম ক’ৰাণ, বেন ফক্সছ, ডন লৰেঞ্চ, জেক লিচ, ছাকিব মহমুদ, ক্ৰীগ অভাৰ্টন, অলি ৰবিচন, অলি ষ্টন ৷
ইতিমধ্যে প্ৰথমখন টেষ্টৰ বাবে নাম প্ৰত্যাহাৰ কৰিছে ইংলেণ্ড দলৰ বৰ্তমানৰ অধিনায়ক জ’ ৰুটে ৷ ব্যক্তিগত কাৰণত প্ৰথম টেষ্টৰ বাবে দলৰ সৈতে জড়িত নাথাকে খেলুৱৈগৰাকী ৷