ETV Bharat / sports

উৰাবাতৰিত বিশ্বাস নকৰিব, অহা বছৰৰ টি-20 খেলিব পাৰিব ধোনীয়ে : প্ৰশিক্ষক

author img

By

Published : May 28, 2020, 6:09 PM IST

Updated : May 28, 2020, 9:33 PM IST

বুধবাৰে দুপৰীয়া টুইটাৰৰ জৰিয়তে কিছু লোকে ধোনীয়ে অৱসৰ গ্ৰহণ কৰা বুলি বাতৰি বিয়পাইছিল আৰু হেছটেগ হিচাপে #DhoniRetires ব্যৱহাৰ কৰিছিল ৷ কিন্তু, ধোনীৰ অনুৰাগীসকলে এয়া ভুৱা বাতৰি বুলি প্ৰকাশ কৰিছিল ৷

ধোনীৰ অৱসৰ সম্পৰ্কত বেনাৰ্জীৰ মন্তব্য
মহেন্দ্ৰ সিং ধোনী

স্পৰ্টছ ডেস্ক, 28 মে': মহেন্দ্ৰ সিং ধোনীৰ অৱসৰ সম্পৰ্কত বিভিন্ন উৰাবাতৰিয়ে চ'ছিয়েল মিডিয়াত স্থান লাভ কৰাৰ সময়তে এই সম্পৰ্কত মন্তব্য আগবঢ়াইছে ধোনীৰ শৈশৱৰ প্ৰশিক্ষক কেশৱ বেনাৰ্জীয়ে ৷ ভাৰতৰ প্ৰাক্তন অধিনায়ক ধোনীৰ অৱসৰ সম্পৰ্কত বেনাৰ্জীয়ে কয় যে, তেওঁ এনে এজন ব্যক্তি নহয় যি নিজৰ অন্তৰংগ লোকসকলক মাতি নি আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লোৱাৰ কথা ক'ব ৷

ধোনীৰ অৱসৰ সম্পৰ্কত বেনাৰ্জীৰ মন্তব্য
মহেন্দ্ৰ সিং ধোনীৰ অৱসৰ

ৰাঁচীৰ পৰা বেনাৰ্জীয়ে এই সম্পৰ্কত কয়, "ধোনীয়ে কোনো লোকক মাতি নি অৱসৰ গ্ৰহণৰ কথা নকয় ৷ তেওঁ কিদৰে এয়া কৰিব লাগে জানে ৷ যেতিয়া তেওঁ সময় আহিছে বুলি ভাবিব তেতিয়া বিচিচিআইক জনোৱাৰ লগতে সঠিক সংবাদমেল আয়োজন কৰিব আৰু প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব ৷ টেষ্টৰ পৰা অৱসৰ ল'বৰ সময়ত তেওঁ যি ব্যৱস্থা গ্ৰহণ কৰিছিল সেই ব্যৱস্থাই গ্ৰহণ কৰিব ৷"

ধোনীৰ অৱসৰ সম্পৰ্কত বেনাৰ্জীৰ মন্তব্য
মহেন্দ্ৰ সিং ধোনীৰ অৱসৰ

"চ'ছিয়েল মিডিয়াক বিশ্বাস নকৰিব ৷ কিছুমান কথা ট্ৰেণ্ডত থাকিলেও এয়া পাচলৈ ভুৱা হৈ পৰে ৷ মই বুজি নাপাওঁ সকলো ধোনীৰ পাচত কিয় পৰি থাকে ৷ মই তেওঁক ভালদৰে জানো আৰু কেতিয়া অৱসৰ ল'ব সেই সম্পৰ্কত তেওঁ সকলোকে জনাব"-বেনাৰ্জীয়ে কয় ৷

বেনাৰ্জীয়ে পূৰ্বেও কৈছিলে যে, আইপিএলত অংশগ্ৰহণ নকৰিলেও ধোনীয়ে টি-20 বিশ্বকাপ খেলা উচিত কিয়নো দলক তেওঁৰ অভিজ্ঞতাৰ বহু প্ৰয়োজন আছে ৷ তেওঁ কয়, "ধোনী কিমান ফিট সেয়া আইপিএলত চাবলৈ পাব ৷ স্থগিত হ'লেও ধোনীয়ে টি-20 বিশ্বকাপত অংশগ্ৰহণ কৰিব পাৰিব ৷ অহা বছৰলৈ অনুষ্ঠিত হ'লেও তেওঁ অংশগ্ৰহণ কৰিব পাৰিব ৷"

উল্লেখ্য যে, যোৱা বছৰ বিশ্বকাপ ক্ৰিকেটৰ ছেমিফাইনেলত ভাৰতে নিউজিলেণ্ডৰ হাতত পৰাস্ত হোৱাৰ পাচৰ পৰা ধোনীৰ অৱসৰ সম্পৰ্কত বিভিন্ন জনে বিভিন্ন মন্তব্য প্ৰদান কৰি আহিছে ৷

Last Updated : May 28, 2020, 9:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.