স্পৰ্টছ ডেস্ক, 14 অক্টোবৰ: ধোনীৰ সন্ন্যাসক লৈ মন্তব্য প্ৰকাশ কৰিলে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা চেন্নাই চুপাৰ কিংছৰ খেলুৱৈ শ্বেন ৱাটছনে ৷ ৱাটছনৰ মতে, সন্ন্যাস লোৱা সিদ্ধান্তটো ধোনীৰ ওপৰতেই এৰি দিয়া উচিত ৷ কাৰণ ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে বৰ্তমানেও সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে ৱাটছনে ৷
ইয়াৰ লগতে ৱাটছনে কয়, ধোনীৰ কৌশলত কোনো অভাৱ নাই ৷ কিন্তু সিদ্ধান্ত তেৱেই গ্ৰহণ কৰিব লাগিব ৷ উইকেটৰ মাজত ধোনীৰ তীব্ৰতা আশ্চৰ্যকৰ ৷ উইকেটকীপাৰৰ ভূমিকাতো তেওঁৰ তুলনা নাই ৷ গতিকে তেওঁ নিজেই সিদ্ধান্ত লোৱা উচিত যে, তেওঁৰ মাজত আৰু কিমান ক্ৰিকেট বাকি আছে ৷