ETV Bharat / sports

ধোনীয়ে কেতিয়াও ক্ৰিকেট আৰু সিদ্ধান্তৰ ক্ষেত্ৰত পক্ষপাতিত্ব নাছিল : আৰ.পি.সিং

২০০৮ চনত ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্বাচনক লৈ সূত্ৰপাত হৈছিল এক বিবাদৰ । সেই বিবাদৰ কথা শেহতীয়াকৈ ৰোমন্থন কৰি প্ৰাক্তন ক্ৰিকেটাৰ আৰ.পি. সিঙৰ ধোনীক লৈ এক মন্তব্য । ইৰফান পাঠানৰ বাবেই আৰ.পি.সিঙক সেই সময়ত ভাৰতীয় দলৰ পৰা বাহিৰ কৰা হৈছিল । যাৰ পিচত নিৰ্বাচক মণ্ডলীৰ সৈতে মতানৈক্যত লিপ্ত হৈছিল সেই সময়ৰ দলৰ অধিনায়ক ধোনী ।

author img

By

Published : May 12, 2020, 1:54 PM IST

'Dhoni always had unbiased opinions on cricket and decision making'
'Dhoni always had unbiased opinions on cricket and decision making''Dhoni always had unbiased opinions on cricket and decision making'

স্পৰ্টছ ডেস্ক, ১২ মে': ২০০৮ বৰ্ষৰ ভাৰতীয় দলৰ নিৰ্বাচনক লৈ হোৱা এক বিতৰ্কৰ কথা শেহতীয়াকৈ ৰোমন্থন কৰি প্ৰাক্তন ক্ৰিকেটাৰ আৰ পি সিঙে কয়, ধোনীয়ে কেতিয়াও ক্ৰিকেট আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত পক্ষপাতিত্ব কৰা নাছিল । YouTube চেনেলত এই কথা উল্লেখ কৰে আৰ পি সিঙে । উল্লেখ্য যে, ইৰফান পাঠানৰ বাবে আৰ.পি সিঙক সেই সময়ত দলৰ পৰা বাহিৰ কৰি দিয়া হৈছিল ।

জানিব পৰা মতে, ইংলেণ্ডৰ বিৰুদ্ধে গৃহভূমিত অনুষ্ঠিত হোৱা এদিনীয়া শৃংখলাখনত ইৰফান পাঠানৰ স্থানত আৰ.পি.সিঙক দলত বিচাৰিছিল অধিনায়ক ধোনীয়ে । যাৰ বাবে নিৰ্বাচক মণ্ডলীৰ সৈতে মতানৈক্যত লিপ্ত হৈছিল ধোনী ।

সেই বিষয়টো সুঁৱৰি আৰ পি সিঙে কয়, ইংলেণ্ডৰ সেই শৃংখলাই মোক প্ৰভাৱিত কৰিছিল বুলি মই নাভাৱো । মই ইন্দোৰত উইকেট লাভ কৰিবলৈ সক্ষম হোৱা নাছিলো । সকলো খেলুৱৈয়ে দুই-তিনিটা সুযোগ লাভ কৰাৰ কথা চিন্তা কৰে । ইয়াৰ অৰ্থ এইটো নহয় যে, কিছুমানে ৫ টা আৰু কিছুমান সৌভাগ্য়ৱানে ১০ টা সুযোগ লাভ কৰিব । কিন্তু বহু বাৰ মোৰ ক্ষেত্ৰত এনেকৈ ঘটিছিল । যেতিয়াই মোৰ প্ৰদৰ্শন অলপ পৰিমাণে বেয়ালৈ গতি কৰিছিল তেতিয়াই মোক পোনে-পোনে ঘৰুৱা ক্ৰিকেট খেলিবলৈ পঠিয়াই দিয়া হৈছিল । কিন্তু কেতিয়াবা বহু খেলুৱৈৰ ক্ষেত্ৰত বেয়া প্ৰদৰ্শন কৰাৰ পাচতো দলত বৰ্তি থাকি ভাল অনুশীলনৰ সুযোগ লাভ কৰিবলৈ পোৱা দেখা যায় । যিটো সময়ত আপুনি ঘৰুৱা ক্ৰিকেট খেলিবলৈ গৈছে, সেই সময়ত আপুনি মানদণ্ড প্ৰতিদ্বন্দিতাৰ পৰা বঞ্চিত হৈছে ।

আৰ পি সিঙে ইয়াৰ ওপৰি কয়, ধোনীৰ সৈতে মই প্ৰায়ে আলোচনা কৰিছিলো । ক'ত মই নিজকে শুধৰাবলৈ প্ৰয়োজন, কি কৰিব লাগিব অধিক ভাল কৰিবলৈ । মই জানো ধোনীৰ বন্ধুত্ব এটা বেলগ দিশ আৰু দেশক নেতৃত্ব বহন কৰাটো অন্য় ।

সেই মুহূৰ্তত মই ভাৱো ধোনীয়ে যি সকলক দলৰ বাবে ভাল বুলি ভাবিছিল তেওঁলোক সমৰ্থন দিছিল । যিয়ে পৰিকল্পনা সমূহ সঠিক ভাৱে ৰূপায়ন কৰিব বুলি ভাবিছিল তেওঁলোকক ধোনীয়ে সমৰ্থন তথা আগবঢ়াই নিয়াৰ চেষ্টা কৰিছিল বুলি কয় আৰ পি সিঙে । সেই বাবেই এম.এছ ধোনী আজিৰ এম.এছ ধোনী । ক্ৰিকেটৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সদায় নিৰপেক্ষ মতামত আছিল ধোনীৰ ।

প্ৰাক্তন দ্ৰুতবলাৰ গৰাকীয়ে আকৌ কয়, মই সিমান খেলিবলৈ সক্ষম নহ'লো যিমান হ'ব লাগিছিল । হয়তো মোৰ গতি হ্ৰাস পালে অথবা ছুইং হেৰুৱাই পেলালো মই । বাকী সকলোবোৰ গৌণ । যদি মই নিজকে উন্নত কৰিবলৈ সক্ষম হ'লো হয়, তেন্তে মই অধিক মেচ খেলিবলৈ সক্ষম হ'লো হয় । কিন্তু যিমান খিনি মই পালো তাতেই সন্তুষ্ট বুলি কয় আৰ.পি.সিঙে । ভাৰতৰ হৈ ১৪ খন টেষ্ট, ৫৮ খন এদিনীয়া আৰু ১০ খন টি-২০ মেচত প্ৰতিনিধিত্ব কৰিছিল আৰ.পি.সিঙে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.