স্পৰ্টছ ডেস্ক, 31 অক্টোবৰ: অহা 3 নৱেম্বৰত দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-বাংলাদেশৰ মাজৰ প্ৰথমখন টি-20 মেচ ৷ যাৰ বাবে ইতিমধ্যে দিল্লীত আহি বাহৰ পাতিছে বাংলাদেশৰ ক্ৰিকেট দলটোৱে ৷ কিন্তু মেচখনত বিধি-পথালি দিছে দিল্লীৰ বায়ু প্ৰদূষণে ৷
বৃহস্পতিবাৰে অনুশীলনৰ সময়ত বাংলাদেশী ক্ৰিকেটাৰ লিটন দাসক দেখা পোৱা গ’ল মাস্ক পিন্ধি অনুশীলন কৰা ৷ অৱশ্যে ইয়াৰে দুই এজন খেলুৱৈ মুছফিকুৰ ৰহিম, মুস্তাফিজুৰ ৰহমানক মাস্ক অবিহনেই দেখা পোৱা যায় অনুশীলনস্থলীত ৷ ইতিমধ্যে, দিল্লীস্থিত মেচখন অন্য স্থানলৈ স্থানান্তৰ কৰাকলৈও সংবাদমাধ্যত ব্যাপক চৰ্চা চলি আহিছে ৷
কিন্তু, এই সন্দৰ্ভত বিচিচিআইৰ নৱ নিযুক্ত অধ্যক্ষ গাংগুলীয়ে প্ৰকাশ কৰে যে, পূৰ্বৰ সূচী অনুসৰিয়ে অনুষ্ঠিত কৰা হ’ব মেচখন ৷ এই সন্দৰ্ভত বিজেপিৰ সাংসদ গৌতম গম্ভীৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, প্ৰদূষণ নিয়ন্ত্ৰণ নোহোৱা পৰ্যন্ত দিল্লীত কোনো ধৰণৰ মেচ অনুষ্ঠিত কৰিব নালাগে ৷ আনহাতে দিল্লীৰ পৰিৱেশ তথা জনসাধাৰতকৈ ক্ৰিকেট মেচ উৰ্দ্ধত নহয় বুলি মন্তব্য কৰে গম্ভীৰে ৷
লগতে চাওক: ইতিহাসত আজিৰ দিনটো