ETV Bharat / sports

দিবা-নৈশ টেষ্ট : এক ইনিংছ আৰু 46 ৰানত পৰাস্ত বাংলাদেশ

ভাৰতত অনুষ্ঠিত হোৱা প্ৰথমখন দিবা-নৈশ টেষ্ট মেচত জয় সাব্যস্ত কৰিছে ভাৰতীয় দলে ৷ বাংলাদেশৰ বিৰুদ্ধে এক ইনিংছ আৰু 46 ৰানত জয়ী হয় দলটো ৷

author img

By

Published : Nov 24, 2019, 4:16 PM IST

ভাৰতীয় দল

স্পৰ্টছ ডেস্ক, 24 নৱেম্বৰ : ঈশান্ত শৰ্মা আৰু উমেশ যাদৱৰ দূৰ্দান্ত প্ৰদৰ্শনৰ জৰিয়তে ভাৰতে কলিকতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত দিবা-নৈশ মেচত জয় সাব্যস্ত কৰিছে ৷ তৃতীয় দিনাৰ আৰম্ভণিতে ভাৰতে বাংলাদেশক এক ইনিংছ আৰু 46 ৰানত পৰাস্ত কৰি শৃংখলা 2-0 ৰ ব্যৱধানত দখল কৰিছে ৷ ইয়াৰ জৰিয়তে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ছয়খন টেষ্টৰ পৰা ভাৰতে 360 পইন্ট সংগ্ৰহ কৰাৰ লগতে চেম্পিয়নশ্বিপৰ শীৰ্ষ স্থান অব্যাহত ৰাখিবলৈ সক্ষম হৈছে ৷

দিবা-নৈশ টেষ্ট
এক ইনিংছ আৰু 46 ৰানত পৰাস্ত বাংলাদেশ

উল্লেখ্য যে, এয়া ভাৰতৰ সপ্তম সংখ্যক ক্ৰমাগত টেষ্ট ছিৰিজ আৰু 12 সংখ্যক ঘৰুৱা ছিৰিজ জয় ৷

152/6 ৰ পৰা তৃতীয় দিনাৰ খেল আৰম্ভ কৰি বাংলাদেশে স্ক'ৰবৰ্ডত আৰু 41 ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ বাংলাদেশে আটাইকেইটা উইকেট হেৰুৱাই 193 ৰানত দ্বিতীয় ইনিংছ সামৰে ৷ দ্বিতীয় ইনিংছত ভাৰতীয় দলৰ হৈ উমেশ যাদৱে 5 টা উইকেট দখল কৰাৰ লগতে ঈশান্ত শৰ্মাই 4 টা উইকেট দখল কৰে ৷

ইয়াৰ পূৰ্বে টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰা বাংলাদেশে প্ৰথম ইনিংছত 106 ৰান সংগ্ৰহ কৰে ৷ আনহাতে, ভাৰতে প্ৰথম ইনিংছত 347/9 ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰিছিল ৷

এই মেচৰ 'মেন অৱ দা মেচ' তথা শৃংখলাৰ 'মেন অৱ দা ছিৰিজ'ৰ খিতাপ দখল কৰে পেচাৰ ঈশান্ত শৰ্মাই ৷

Intro:Body:Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.