স্পৰ্টছ ডেস্ক, 28 মে': COVID-১৯ ৰ পাচত হ'বলগীয়া ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টেষ্ট শৃংখলাক লৈ সম্প্ৰতি দৃষ্টি নিৱদ্ধ হৈ আছে সকলো অষ্ট্ৰেলিয়া-ভাৰতৰ ক্ৰিকেট অনুৰাগীৰ । শেহতীয়া প্ৰকাশ পোৱা তথ্য অনুসৰি ভাৰতৰ বিৰুদ্ধে হ'বলগীয়া চাৰিখন মেচৰ ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন মেচ অনুষ্ঠিত হ'ব চলিত বৰ্ষৰ 3 ডিচেম্বৰত ।
জানিব পৰা মতে, অষ্ট্ৰেলিয়াৰ ব্ৰিচবেনত অনুষ্ঠিত হ'ব চাৰিখন মেচ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ । আনহাতে এডিলেডত 11-15 ডিচেম্বৰলৈ দ্বিতীয় খন, মেলৱৰ্ণত 26-30 ডিচেম্বৰলৈ তৃতীয়খন আৰু ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত 3-7 জানুৱাৰীলৈ চতুৰ্থখন মেচ অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে ।
ইতিমধ্য়ে ভাৰতে এডিলেডত হ'বলগীয়া দিবা-নৈশ টেষ্টৰ বাবে সন্মতি দিয়া বুলিও জানিব পৰা গৈছে । অৱশ্যে COVID-১৯ ৰ বাবে যদিহে তেতিয়ালৈ পৰিস্থিতি জটিল হৈ থাকে তেন্তে বিচিচিআই আৰু ক্ৰিকেট অষ্ট্ৰেলিয়াই পৰৱৰ্তী সময়ত একেখন ষ্টেডিয়ামতে সকলো মেচ অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও অনুমান কৰা হৈছে ।
উল্লেখ্য যে, অষ্ট্ৰেলিয়াই ভাৰতৰ পূৰ্বে চলিত বৰ্ষৰ গ্ৰীষ্মকাল ক্ৰিকেট কাৰ্যসূচীৰ আৰম্ভণি আফগানিস্তানৰ বিৰুদ্ধে 21 ৰ পৰা 25 নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া একমাত্ৰ টেষ্টৰ জৰিয়তে আৰম্ভণি কৰিব কোৱা হৈছে । পাৰ্থ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই একমাত্ৰ দিবা-নৈশ টেষ্ট মেচখন ।
অৱশ্য়ে শুকুৰবাৰে হে ক্ৰিকেট অষ্ট্ৰেলিয়াই পুৰুষ আৰু মহিলা উভয়েৰে 2020/21 গ্ৰীষ্মকালৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সম্পূৰ্ণ কাৰ্যসূচী ঘোষণা কৰিব ।