ETV Bharat / sports

কৰ’ণা আতংকঃ বাতিল হ’ল আন্তঃৰাষ্ট্ৰীয় এদিনীয়াৰ বাবে দক্ষিণ আফ্ৰিকাৰ ভাৰত ভ্ৰমণ - বাতিল হ’ল আন্তঃৰাষ্ট্ৰীয় এদিনীয়াৰ বাবে দক্ষিণ আফ্ৰিকাৰ ভাৰত ভ্ৰমণ

কৰ’ণা ভাইৰাছ আতংকৰ বাবে স্থগিত ৰখা হ’ল ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আন্তঃৰাষ্ট্ৰীয় এদিনীয়াৰ খেলসমূহ ৷ উল্লেখ্য যে, বৰষুণৰ বাবে বাতিল কৰা হয় বৃস্পতিবাৰে ধৰমশালাত অনুষ্ঠিত শৃংখলৰ প্ৰথমখন খেল ৷

COVID-19: South Africa's ODI tour of India called-off
কৰ’ণা আতংকঃবাতিল হ’ল আন্তঃৰাষ্ট্ৰীয় এদিনীয়াৰ বাবে দক্ষিণ আফ্ৰিকাৰ ভাৰত ভ্ৰমণ
author img

By

Published : Mar 13, 2020, 11:48 PM IST

স্পোৰ্টছ ডেক্স,13 মাৰ্চঃ কৰ’ণা ভাইৰাছ আতংকৰ বাবে স্থগিত ৰখা হ’ল ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আন্তঃৰাষ্ট্ৰীয় এদিনীয়াৰ খেলসমূহ ৷ উল্লেখ্য যে, বৰষুণৰ বাবে বাতিল কৰা হয় বৃস্পতিবাৰে ধৰমশালাত অনুষ্ঠিত শৃংখলৰ প্ৰথমখন খেল ৷ আনহাতে, লক্ষ্নৌ আৰু কলকাতাত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় আৰু তৃতীয়খন খেল খালী ষ্টেডিয়ামত খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সন্থাই টুইটাৰযোগে জনায় যে, দেশত বৃদ্ধি পোৱা কৰ’ণা আতংকৰ বাবেই ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া শৃংখলৰ খেলসমূহ বাতিল কৰা হয় ৷ কিন্তু এই সন্দৰ্ভত বিচিচিআই আৰু ক্ৰিকেট দক্ষিণ আফ্ৰিকাৰ অধিকাৰীসকলো কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই ৷

লগতে পঢ়ক-ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 75 লৈ বৃদ্ধিঃকেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.