ETV Bharat / sports

ভাৰত বনাম দক্ষিণ আফ্ৰিকা : শূন্য ষ্টেডিয়ামত অৱতীৰ্ণ হ'ব দুই দল - ভাৰত বনাম দক্ষিণ আফ্ৰিকা প্ৰথম এদিনীয়া

দৰ্শকৰ অনুপস্থিতিত অনুষ্ঠিত হ'ব ভাৰত বনাম দক্ষিণ আফ্ৰিকা প্ৰথম এদিনীয়া ৷ কৰ'ণাভাইৰাছ আতংকৰ বাবে দৰ্শকে ক্ৰয় নকৰিলে টিকেট ৷

ভাৰত বনাম দক্ষিণ আফ্ৰিকা
হিমাচল প্ৰদেশ ক্ৰিকেট ষ্টেডিয়াম
author img

By

Published : Mar 11, 2020, 11:05 PM IST

স্পৰ্টছ ডেস্ক, 11 মাৰ্চ : কৰ'ণাভাইৰাছে আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰা বাবে ভাৰত বনাম দক্ষিণ আফ্ৰিকা মেচত দৰ্শকৰ ভিৰ পৰিলক্ষিত নহ'ব ৷ ভাৰতত বৰ্তমানলৈকে 61 জন লোক কৰ'ণাভাইৰাছত আক্ৰান্ত হোৱাৰ ফলত হিমাচল প্ৰদেশ ক্ৰিকেট ষ্টেডিয়াম শূন্য হৈ থকাৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰথমখন এদিনীয়া মেচ অনুষ্ঠিত হ'ব ৷

ভাৰত বনাম দক্ষিণ আফ্ৰিকা
শূন্য ষ্টেডিয়ামত অৱতীৰ্ণ হ'ব দুই দল

22,000 আসনযুক্ত ষ্টেডিয়ামখনৰ প্ৰায় 40 শতাংশ আসন বুধবাৰলৈকে বিক্ৰী নোহোৱাকৈ থাকি যায় ৷

এই সম্পৰ্কত ষ্টেডিয়াম কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, কৰ'ণাভাইৰাছ আতংকৰ পৰিপেক্ষিতত জনসমাগৰ পৰা আঁতৰত থাকিবৰ বাবে এনেদৰে দৰ্শকে টিকেট ক্ৰয় কৰা নাই ৷

ভাৰত বনাম দক্ষিণ আফ্ৰিকা
হিমাচল প্ৰদেশ ক্ৰিকেট ষ্টেডিয়াম

লেগ স্পীনাৰ য়ুজবেন্দ্ৰ ছাহালে মঙলবাৰে হিমাচল প্ৰদেশলৈ উৰা মৰাৰ পূৰ্বে মাস্ক পৰিধান কৰি এখন ফ'টো পোষ্ট কৰিছিল ৷

কৰ'ণাভাইৰাছ আতংক
য়ুজবেন্দ্ৰ ছাহাল

ইয়াৰোপৰি, মেচত বৰষুণৰ আগজাননী লাভ কৰা বাবেও বহুসংখ্যক দৰ্শকে মেচ উপভোগ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ আনহাতে, মেচখন বন্ধৰ দিনত অনুষ্ঠিত নোহোৱাৰ বাবেও বহুতে উপভোগ নকৰে বুলি আয়োজকে জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে 2019 চনৰ ছেপ্তেম্বৰত এই ষ্টেডিয়ামতে দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ মাজৰ মেচখনো বৰষুণৰ বাবে বাতিল হৈছিল ৷

আৰু পঢ়ক : অসমৰ প্ৰশংসাত পঞ্চমুখ কেভিন পিটাৰছেন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.