স্পৰ্টছ ডেস্ক, 25 জুনঃ ইংলেণ্ড ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ক্লয়ৰ ক'নৌৰে গ্ৰহণ কৰিব মেৰিলব'ন ক্ৰিকেট ক্লাৱৰ (MCC) অধ্যক্ষৰ পদ । 233 বছৰ পাচত পোন প্ৰথমবাৰৰ বাবে এই পদত অধিষ্ঠিত হ'ব গৈ আছে এগৰাকী মহিলা । শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ কুমাৰ ছাংগাকাৰৰ স্থান গ্ৰহণ কৰিব ক্লেয়ৰে । ইংলেণ্ড আৰু ৱেল্ছ ক্ৰিকেট ব'ৰ্ডৰ মহিলা ক্ৰিকেট ব্য়ৱস্থাপনাৰ পৰিচালক ক'নৌৰৰ মনোনীত কৰাৰ কথা বুধবাৰে স্বয়ং কুমাৰ ছাংগাকাৰাই এক বাৰ্ষিক বৈঠক অনুষ্ঠানত ভিডিঅ' কনফাৰেঞ্চিং জৰিয়তে কৰে ।
আগন্তুক বৰ্ষৰ এক অক্টোবৰৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব প্ৰাক্তন মহিলা ক্ৰিকেটাৰগৰাকীয়ে । অৱশ্য়ে কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বে সদস্য় সকলৰ অনুমতিৰ আৱশ্যক । কৰ'ণা ভাইৰাছৰ ফলতেই কুমাৰ ছাংগাকাৰাৰ কাৰ্যকাল এক বছৰৰ বাবে বৃদ্ধি কৰা হৈছে ।
এই দায়িত্ব লাভ কৰাৰ পাচত ক্লেয়ৰে কয়, মই এমচিচিৰ পৰৱৰ্তী অধ্যক্ষ পদৰ বাবে মনোনীত হ'ব পাই যথেষ্ট আনন্দিত । ক্ৰিকেটে মোক বহুত বস্তু দিছে আৰু এতিয়া এই সন্মান ।
তেওঁ লগতে কয়, এইটো সময়ত যদি পিচলৈ চাও, তেতিয়া অনুভৱ হয় কিমান আগুৱাই আহিলো । মই লৰ্ডছত 9 বছৰ বয়সত প্ৰথমবাৰ আহিছিলো । তেতিয়া মহিলাক লং ৰুমত মহিলাক আদৰণি জনোৱা নহৈছিল । কিন্তু এতিয়া সময় সলনি হ'ল । এতিয়া মই ক্ৰিকেটৰ আটাইতকৈ শক্তিশালী ক্লাৱ এমচিচিক আগুৱাই নিয়াৰ সুযোগ লাভ কৰিছো ।
ছাংগাকাৰাই কয়, মই ৰোমাঞ্চিত হৈ আছো ক্লয়ৰে অধ্যক্ষ পদৰ প্ৰস্তাৱ স্বীকাৰ কৰাক লৈ । লগতে ক্লয়ৰে এমচিচিত যথেষ্ট অৱদান দিব বুলিও আশা প্ৰকাশ কৰে শ্ৰীলংকান প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ।