ETV Bharat / sports

কেৰেবিয়ান প্ৰীমিয়াৰ লীগৰ পৰা নাম প্ৰত্যাহাৰ ক্ৰীছ গেইলৰ

author img

By

Published : Jun 24, 2020, 1:31 PM IST

ক্ৰীছ গেইলৰ অনুৰাগীৰ বাবে দুঃখবৰ । কেৰেবিয়ান প্ৰীমিয়াৰ লীগ চমুকৈ চিপিএলত এইবাৰ দেখা পোৱা নাযাব বিস্ফোৰক বেটছমেন ক্ৰীছ গেইলক । ব্যক্তিগত কাৰণত প্ৰতিযোগিতাৰ পৰা নাম প্ৰত্য়াহাৰ ক্ৰিকেটাৰগৰাকীৰ ।

chris gayle pulls out of caribbean premier league

স্পৰ্টছ ডেস্ক, 24 জুনঃ 2020 বৰ্ষৰ কেৰেবিয়ান প্ৰীমিয়াৰ লীগত দেখা পোৱা নাযাব বিধ্বংসী বেটছমেন ক্ৰীছ গেইলক । ব্যক্তিগত কাৰণত কেৰেবিয়ান প্ৰীমিয়াৰ লীগৰ পৰা নাম প্ৰত্যাহাৰ খেলুৱৈগৰাকীৰ । এই বছৰ চেণ্ট লুচিয়া জ'ক্স দলৰ সৈতে চুক্তিবদ্ধ আছিল গেইল ।

উল্লেখ্য় যে, ৱেষ্ট ইণ্ডিজ চৰকাৰৰ পৰা অনুমতি লাভ কৰাৰ পাচতেই ত্ৰিনিদাদ আৰু ট'বাগোত অহা 18 আগষ্টৰ পৰা 10 ছেপ্তেম্বৰলৈ আয়োজন কৰা হ'ব কেৰেবিয়ান প্ৰীমিয়াৰ লীগ প্ৰতিযোগিতাৰ ।

কেৰেবিয়ান প্ৰীমিয়াৰ লীগৰ পৰা নাম প্ৰত্যাহাৰ ক্ৰীছ গেইলৰ
কেৰেবিয়ান প্ৰীমিয়াৰ লীগৰ পৰা নাম প্ৰত্যাহাৰ ক্ৰীছ গেইলৰ

গেইলে মেইল যোগে কয়, লক্ ডাউনৰ বাবেই মই মোৰ পৰিয়াল আৰু মোৰ সন্তানক লগ কৰিবলৈ পৰা নাছিলো । কাৰণ লক্ ডাউনত মই জামাইকাত আৱদ্ধ হৈ থকাৰ বিপৰীতে তেওঁলোক আছিল চেণ্ট কিট্ছত । ফলত পৰিয়ালৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ বাবে বিশ্ৰামৰ প্ৰয়োজন । গেইল প্ৰথমে জামাইকা দলত আছিল যদিও শেহতীয়াকৈ চেণ্ট লুচিয়া জ'ক্স দলটোৰ সৈতে জড়িত হয় ।

জামাইকা দল ত্য়াগ কৰাৰ সময়তেই গেইলে পূৰ্বৰ সতীৰ্থ খেলুৱৈ ছাৰৱানৰ ওপৰত গম্ভীৰ অভিযোগ উত্থাপন কৰিছিল । অৱশ্যে গেইলে নিজৰ আচৰণৰ বাবে পিচত ক্ষমাও বিচাৰিছিল । গেইলে ছাৰৱানক বিশ্বাসঘাতক আখ্য়া দি কৰ'ণা ভাইৰাছত কৈ ভয়ানক বুলি উল্লেখ কৰিছিল । পিচত জামাইকা দলটোৰ পৰা গেইলক দলৰ পৰা বাহিৰ কৰাত ছাৰৱানৰ কোনো ভূমিকা নাই বুলি স্পষ্ট কৰিছিল । কেৰেবিয়ান লীগত গেইলে বৰ্তমানলৈকে তিনিটা দলৰ হৈ অংশগ্ৰহণ কৰিছে ।

গেইলে বিগত ছীজনত জামাইকা দলটোৰ হৈ 10 খন মেচত কেৱল 243 ৰান কৰিবলৈ সক্ষম হৈছিল । আনকি দলটোৱে 10 খন মেচৰ 2 খন মেচত হে জয় লাভ কৰি পইণ্ট তালিকাৰ নিম্নত স্থান দখল কৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.