স্পৰ্টছ ডেস্ক, 6 ছেপ্তেম্বৰ : ক্ৰীড়া অনুৰাগীৰ বাবে ডাঙৰ খবৰ ৷ দেওবাৰে ঘোষণা কৰা হ’ল আইপিএলৰ ত্ৰয়োদশ সংস্কৰণৰ কাৰ্যক্ৰমণিকা ৷ অহা 19 ছেপ্তেম্বৰৰ পৰা 10 নৱেম্বৰলৈ অনুষ্ঠিত হ’ব আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ ৷ প্ৰথমখন মেচত মুখামুখি হ’ব ধোনী নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছ বনাম ৰোহিত নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছ ৷
কৰ’ণা ভাইৰাছৰ ফলত সংযুক্ত আৰৱ আমিৰাতত অনুষ্ঠিত হ’ব 2020 বৰ্ষৰ আইপিএল ৷ 24 খন মেচ ডুবাইত অনুষ্ঠিত হোৱাৰ বিপৰীতে 20 খন মেচ আবু ধাবিত আৰু 12 খন মেচ অনুষ্ঠিত হ’ব শ্বাৰজাহত ৷ ভাৰতীয় সময় অনুসৰি দিনৰ 3.30 বজাত আৰু সন্ধিয়া 7.30 বজাত অনুষ্ঠিত হ’ব মেচ সমূহ ৷ বৰ্তমানেও ঘোষণা কৰা হোৱা নাই ফাইনেলৰ স্থান ৷
-
Indian Premier League (IPL) Governing Council releases the complete fixtures for the league stage of the Dream11 IPL 2020 to be held in UAE. https://t.co/7FRfkI6Cbg pic.twitter.com/iM4HTBpMNo
— ANI (@ANI) September 6, 2020 " class="align-text-top noRightClick twitterSection" data="
">Indian Premier League (IPL) Governing Council releases the complete fixtures for the league stage of the Dream11 IPL 2020 to be held in UAE. https://t.co/7FRfkI6Cbg pic.twitter.com/iM4HTBpMNo
— ANI (@ANI) September 6, 2020Indian Premier League (IPL) Governing Council releases the complete fixtures for the league stage of the Dream11 IPL 2020 to be held in UAE. https://t.co/7FRfkI6Cbg pic.twitter.com/iM4HTBpMNo
— ANI (@ANI) September 6, 2020
প্ৰতিযোগিতাখনৰ লীগ ষ্টেজত প্ৰতিটো দলে 2 খনকৈ মেচত অৱতীৰ্ণ হ’ব ৷ অৰ্থাৎ আঠটা দলে লীগ ষ্টেজত মুঠ 14 খনকৈ মেচত যুঁজ দিব ৷ ইয়াৰ পাচতেই শীৰ্ষ চাৰিটা দলে প্লে-অফত স্থান লাভ কৰিবলৈ সক্ষম হ’ব ৷
53 দিনলৈ চলিবলগীয়া এই বৃহৎ প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে সকলো দল সমূহে সংযুক্ত আৰৱ আমিৰাতত বাহৰ পাতিছে ৷ সকলো মেচ ডুবাই, আবু ধাবি আৰু শ্বাৰজাহ ষ্টেডিয়মাত অনুষ্ঠিত হ’ব ৷
লগতে চাওক-শৃংখলা দখলৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব ইংলেণ্ড