ETV Bharat / sports

অষ্ট্ৰেলিয়াৰ মাটিত ঐতিহাসিক জয়েৰে বিজয়ধ্বজা উৰুৱালে ভাৰতে

author img

By

Published : Jan 19, 2021, 1:32 PM IST

Updated : Jan 19, 2021, 1:50 PM IST

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী দখল ভাৰতীয় দলৰ ৷ তিনি উইকেটত জয়েৰে 2-1 ত শৃংখলা দখল ভাৰতৰ ৷

তিনি উইকেটত জয়েৰে 2-1 ত শৃংখলা দখল ভাৰতৰ

স্পৰ্টছ ডেস্ক,19 জানুৱাৰী : পুনৰবাৰ অষ্ট্ৰেলিয়াৰ মাটিতে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী দখল কৰিলে ভাৰতীয় দলে ৷ গীলৰ 91 আৰু ঋষভ পন্তৰ 89 ৰাণৰ জৰিয়তে ভাৰতে 2-1 ব্যৱধানত দখল কৰিলে বহু চৰ্চিত টেষ্ট শৃংখলা ৷ 3 উইকেটত জয়লাভ কৰে ভ্ৰমণকাৰী ভাৰতীয় দলে ৷ ভাৰতৰ হৈ মূল্যৱান 56 ৰাণৰ ইনিংছ খেলে চেতেশ্বৰ পূজাৰাই ৷

গব্বাত এই জয়েৰে ভাৰতে ঐতিহাসিক জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, 1988 চনৰ পাচত প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়া দলে গব্বাত টেষ্ট মেচত পৰাজয় স্বীকাৰ কৰিবলগা হৈছে ৷ আনহাতে, ভাৰতে স্বাধীনতাৰ পাচত প্ৰথমবাৰৰ বাবে কেংগাৰু বাহিনীৰ বিৰুদ্ধে গব্বাত টেষ্ট মেচত জয় লাভ কৰিছে ৷

ভাৰতৰ ঐতিহাসিক জয়সমূহৰ ভিতৰত অন্যতম হিচাপে বিবেচিত হৈছে এই শৃংখলাত জয় ৷ এই জয়ক 1983, 2007 আৰু 2011 চনৰ বিশ্বকাপ জয়ৰ সৈতে তুলনা কৰিছে সমালোচক আৰু অনুৰাগীসকলে ৷

লগতে পঢ়ক : প্ৰাক্তন অধিনায়ক ধোনীৰ অভিলেখ ভংগ ঋষভ পন্ত

Last Updated : Jan 19, 2021, 1:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.