ETV Bharat / sports

২০১৯ বিশ্বকাপৰ ফাইনেলৰ বাউণ্ডেৰী নিয়মকলৈ আশ্চৰ্য হোৱা নাছিলো : জিমী নিছম - ২০১৯ বিশ্বকাপৰ ফাইনেলৰ বাউণ্ডেৰী নিয়মক লৈ আশ্চৰ্য হোৱা নাছিল : জিমী নিছম

২০১৯ বৰ্ষৰ এদিনীয়া বিশ্বকাপৰ বাউণ্ডেৰী নিয়মকলৈ শেহতীয়াকৈ এক মন্তব্য প্ৰকাশ কৰিছে নিউজিলেণ্ডৰ অলৰাউণ্ডাৰ খেলুৱৈ জিমী নিছমে । বাউণ্ডেৰী নিয়ম তেওঁৰ বাবে আশ্চৰ্যকৰ বিষয় নাছিল বুলি কয় খেলুৱৈগৰাকীয়ে ।

boundary count rule in 2019 world cup final did not come as a surprise says james neesham

author img

By

Published : May 19, 2020, 4:21 PM IST

স্পৰ্টছ ডেস্ক, ১৯ মে': ১৪ জুলাই ২০১৯ ত পোন প্ৰথমবাৰৰ বাবে এদিনীয়া ক্ৰিকেটৰ বিশ্ব চেম্পিয়নৰ গৌৰৱ লাভ কৰিছিল ইংলেণ্ডে । সকলোৰে মনত হয়তো আজিও সজীৱ হৈ আছে ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত ২০১৯ বৰ্ষত অনুষ্ঠিত হোৱা বিশ্বকাপৰ শ্বাসৰুদ্ধকাৰী ৰোমাঞ্চকৰ ছুপাৰ অভাৰৰ ফাইনেল মেচখন ।

শেহতীয়াকৈ সেই বিষয়ে পুনৰ এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ফাইনেলত পৰাজয়বৰণ কৰা নিউজিলেণ্ড দলৰ সদস্য় জিমী নিছমে । নিছমে এটা ক্ৰিকেট ৱেবচাইটত উল্লেখ কৰি কয়, সেই দিনা ছুপাৰ অভাৰৰ বাবে মই ড্ৰেছিং ৰুমত পেড পিন্ধি আছিলো । ইয়াৰ পূৰ্বে এই বিষয়ে আমি কেতিয়াও আলোচনা কৰা নাছিলো । অৱশ্যে কেৰিয়াৰৰ আৰম্ভণিতে মোৰ ছুপাৰ অভাৰৰ বাউণ্ডেৰী নিয়মৰ অধীনত মেচ জয়ী হ'বলৈ সক্ষম হোৱাৰ অভিজ্ঞতা আছিল । সেইবাবে মোৰ বাবে এইটো আশ্চৰ্যকৰ কথা নাছিল ।

ইয়াৰ ওপৰি তেওঁ কয়, ফাইনেল মেচখনত আমি যেতিয়া বেটিঙৰ বাবে ছুপাৰ অভাৰত খেল পথাৰত নামিছিলো, জয়ৰ বাবে ১৬ ৰান বনোৱাটো অসম্ভৱ যেন অনুভৱ হৈছিল । সেইবাবে চাপ বেছি নাছিল কাৰণ মোৰ মতে আমি ১৬ ৰান অতিক্ৰম কৰিবলৈ সক্ষম নহ'লেও কোনোও আপোনাক দোষী সাব্যস্ত নকৰিল হয় । যিমান পাৰি আমি ইয়াক অতিক্ৰম কৰাৰ চেষ্টা চলাইছিলো । কিন্তু হয় এক ৰান আৰু ২০ চেণ্টিমিটাৰ দূৰত্বত ৰৈ গ'লো । এতিয়া আমি আগন্তুক ৫০ বৰ্ষলৈ ২০ চেণ্টিমিটাৰৰ বিষয়ে চিন্তা কৰি থাকিম বুলি কয় নিছামে ।

boundary count rule in 2019 world cup final did not come as a surprise says james neesham
২০১৯ বিশ্বকাপৰ গুপ্টিলৰ ৰান আউট

উল্লেখ্য যে, সেই মেচখনৰ ছুপাৰ অভাৰত অন্তিম বলত নিউজিলেণ্ডক জয়ৰ বাবে দুই ৰানৰ প্ৰয়োজন আছিল । মাৰ্টিন গুপ্টিলে শ্ব'ট খেলি দ্বিতীয় ৰান ল'বলৈ চেষ্টা চলাওতেই প্ৰায় ২০ চেণ্টিমিটাৰ বাকী থকাতেই ৰান আউট হৈছিল । তাৰ পাচতেই বাউণ্ডৰী নিয়মৰ অধীনত ইংলেণ্ডে বিশ্বকাপৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল । সেই ৰান আউট সন্দৰ্ভতেই নীছমে ২০ চেণ্টিমিটাৰ কথাষাৰ উল্লেখ কৰিছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.