স্পৰ্টছ ডেস্ক, 12 জানুৱাৰী : ভাৰতীয় মহিলা ক্ৰিকেটৰ দলৰ বিস্ফোৰক বেটছমেন শেফালী বৰ্মাই লাভ কৰিব আন্তৰাষ্ট্ৰীয় আত্মপ্ৰকাশ মহিলা খেলুৱৈৰ (2018-19) সন্মান ৷
15 বছৰীয়া শেফালী বৰ্মাই বৰ্তমানলৈকে ভাৰতৰ হৈ 9 খন টি-20 মেচত অংশগ্ৰহণ কৰিছে ৷ ক্ৰিকেটাৰ গৰাকীয়ে 9 খন মেচত 222 ৰাণ সংগ্ৰহ কৰিছে আৰু তেওঁৰ সৰ্বোচ্চ টি-20 ইনিংছ হৈছে 73 ৷
উল্লেখ্য যে, শেফালীয়ে 2019 চনত শচীন তেণ্ডুলকাৰৰ অভিলেখো ভংগ কৰিবলৈ সক্ষম হৈছিল ৷ তেওঁ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত অৰ্ধশতক অৰ্জন কৰা কনিষ্ঠতম ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয় ৷
এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হ'ব ক্ৰিকেটাৰ স্মৃতি মন্ধানা আৰু ঝুলন গোস্বামীক৷ এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আৰু সৰ্বাধিক উইকেট দখলকাৰী হিচাপে সন্মানিত কৰা হ'ব ক্ৰমে মন্ধানা আৰু গোস্বামীক ৷
আৰু পঢ়ক : খেল’ ইণ্ডিয়া 2020: দ্বিতীয় দিনৰ অন্তত পদক তালিকাৰ শীৰ্ষত মহাৰাষ্ট্ৰ