ETV Bharat / sports

কাৰ্তিকক ক্ষমাদান বিচিচিআইৰ, প্ৰদান কৰা নহয় কোনো শাস্তি

author img

By

Published : Sep 16, 2019, 5:39 PM IST

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (বিচিচিআই) য়ে সোমবাৰে গ্ৰহণ কৰিছে ভাৰতীয় বেটছমেন দিনেশ কাৰ্তিকৰ ক্ষমা ভিক্ষা ৷ এই সম্পৰ্কত বিচিচিআইয়ে মন্তব্য কৰে যে, তেওঁক ক্ষমা প্ৰদান কৰাৰ লগতে বিষয়টো ইমানতে সামৰণি পেলোৱা হৈছে আৰু তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নহয় ৷

কাৰ্তিকক ক্ষমাদান বিচিচিআইৰ, প্ৰদান কৰা নহয় কোনো শাস্তি

স্পৰ্টছ ডেস্ক, 16 ছেপ্তেম্বৰ : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (বিচিচিআই) য়ে সোমবাৰে গ্ৰহণ কৰিছে ভাৰতীয় বেটছমেন দিনেশ কাৰ্তিকৰ ক্ষমা ভিক্ষা ৷ এই সম্পৰ্কত বিচিচিআইয়ে মন্তব্য কৰে যে, তেওঁক ক্ষমা প্ৰদান কৰাৰ লগতে বিষয়টো ইমানতে সামৰণি পেলোৱা হৈছে আৰু তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নহয় ৷

উইকেট কীপাৰ বেটছমেন দিনেশ কাৰ্তিক

উল্লেখ্য যে, বিচিচিআইৰ চুক্তিৰ নিয়মাৱলী ভংগৰ অভিযোগত কাৰ্তিকলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল ভাৰতীয় ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাটোৱে ৷ ইয়াৰ পাছতে 8 ছেপ্তেম্বৰত বিচিচিআইলৈ এক পত্ৰৰ জৰিয়তে কাৰ্তিকে ক্ষমা ভিক্ষা কৰিছিল ৷ পত্ৰ খনত তেওঁ উল্লেখ কৰিছিল যে, তেওঁ ট্ৰিনবাগ' নাইট ৰাইডাৰ্ছ দলত যোগদান কৰা নাছিল আৰু ব্ৰেণ্ডন মেককালামৰ নিমন্ত্ৰণ ৰক্ষাৰ্থেহে দলটোৰ ড্ৰেছিং ৰূমৰ পৰা মেচ উপভোগ কৰিছিল ৷ ইয়াৰ বাবে বিচিচিআইৰ অনুমতি নোলোৱাৰ বাবে ক্ষমা ভিক্ষা কৰিছিল উইকেট কীপাৰ বেটছমেন গৰাকীয়ে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.