ETV Bharat / sports

অষ্ট্ৰেলিয়া বনাম ভাৰত : এদিনীয়া শৃংখলাত বেয়াৰফুট চাৰ্কল গঠন কৰিব অষ্ট্ৰেলিয়াই

author img

By

Published : Nov 16, 2020, 8:12 PM IST

প্ৰতিটো শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে খালী ভৰিৰে এটি বৃত্ত (Barefoot Circle) গঠন কৰিব অষ্ট্ৰেলিয়া দলৰ ক্ৰিকেটাৰসকলে ৷ বৰ্ণবৈষম্য বিৰোধী আন্দোলনৰ সমৰ্থন কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি অষ্ট্ৰেলিয়াৰ টেষ্ট আৰু এদিনীয়া শৃংখলাৰ সহ অধিনায়ক পেট কামিনছে মন্তব্য কৰে ৷

australia vs india
অষ্ট্ৰেলিয়া বনাম ভাৰত

স্প’ৰ্টছ ডেস্ক,16 নৱেম্বৰ: অষ্ট্ৰেলিয়া দলৰ ক্ৰিকেটাৰসকলে প্ৰতিটো শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে স্বদেশী লোকসকলক সংস্কৃতিৰ আভাস দিয়াৰ হেতু খালী ভৰিৰে এটি বৃত্ত (Barefoot Circle) গঠন কৰিব ৷ ভাৰতৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ আৰম্ভণি কৰি অষ্ট্ৰেলিয়াৰ পেট কামিনছে কয় যে, তেওঁৰ দলে বৰ্ণবৈষম্য বিৰোধী আন্দোলনৰ সমৰ্থন কৰাৰ বাবে পৰ্যাপ্ত একো কৰা নাই ৷

অষ্ট্ৰেলিয়াৰ টেষ্ট আৰু এদিনীয়া শৃংখলাৰ সহ অধিনায়ক কামিনছে বিশ্বজুৰি বৰ্ণ বৈষম্যবাদক সম্বোধন কৰাৰ বাবে এই পদক্ষেপক এক উচিত পদক্ষেপ বুলি মন্তব্য কৰে ৷ চলিত বৰ্ষৰ আৰম্ভণিতে ৱেষ্ট ইণ্ডিজৰ মাইকেল হোল্ডিঙে ইংলেণ্ডৰ সৈতে হোৱা খেলৰ মাজতে ব্লেক লিভছ মেটাৰ আন্দোলনক সমৰ্থন নকৰাৰ বাবে অষ্ট্ৰেলিয়াক সমালোচনা কৰিছিল ৷

australia vs india
অষ্ট্ৰেলিয়া বনাম ভাৰত

কামিনছে কয় যে, অষ্ট্ৰেলিয়ান খেলুৱৈসকলেও দেশৰ ইতিহাস জানিবলৈ প্ৰয়াস কৰিব ৷ অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰসকলে আদিবাসী সংস্কৃতিৰ সৈতে জড়িত হ’বলৈ এই বেয়াৰফুট চাৰ্কলৰ পদক্ষেপ গ্ৰহণ কৰে ৷

লগতে পঢ়ক : এটিপি ফাইনেলছৰ প্ৰথম মেচত জয় সাব্যস্ত নাডালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.