ETV Bharat / sports

দৰমহা কৰ্তনৰ বাবে সাজু অষ্ট্ৰেলিয়ান ক্ৰিকেট খেলুৱৈঃ হেজলউড - fund problem due to corona pandemic

কোভিড-১৯ৰ মহামাৰীৰ ফলত বিত্তীয় সংকটৰ সন্মুখীন হৈছে ক্ৰিকেট অষ্ট্ৰেলিয়া। যাৰ বাবে এই সমস্যা দূৰ কৰাৰ বাবে খেলুৱৈ দৰমহা কৰ্তনৰ বাবে সাজু বুলি কয় জছ হেজলউডে ।

Australian players willing to take pay cut says hazlewood

author img

By

Published : Apr 20, 2020, 5:02 PM IST

স্পৰ্টছ ডেস্ক, ২০ এপ্ৰিলঃ কৰ'ণা ভাইৰাছ তথা কোভিড-১৯ৰ মহামাৰীয়ে সৰ্বত্ৰ সৃষ্টি কৰিছে তাণ্ডৱৰ। ক্ৰীড়াজগতো বাৰুকৈ প্ৰভাৱিত হৈছে এই মহামাৰীৰ ফলত । শেহতীয়াকৈ ক্ৰিকেটৰ সকলো ক্ৰিয়া-কাৰ্যকলাপ বন্ধ হৈ পৰাৰ বাবে ক্ৰিকেট অষ্ট্ৰেলিয়াই ৩০ জুনত সমাপ্ত হ'বলগীয়া বিত্তীয় বৰ্ষৰ পূৰ্বেই ৮০ শতাংশ কৰ্মচাৰীক উলিয়াই দিছে। কাৰণ আগষ্ট মাহলৈ দৰমহা দিবলৈ ক্ৰিকেট অষ্ট্ৰেলিয়াৰ কাষত মজুত নাই ধনৰাশি।

এই সন্দৰ্ভত অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ হেজলউডে কয়,মই অলপ আচৰিত হৈছিলো । কিন্তু কিবা এটাটো হ'ব যে তাত কোনো সন্দেহ নাছিল । বিত্তীয় সংকটে ক্ৰিকেটাৰ সকলকো প্ৰভাৱিত কৰিব কিন্তু তেওঁলোক কম দৰমহা লাভৰ বাবে প্ৰস্তুত ।

খেলুৱৈগৰাকীয়ে লগতে কয়,আমি কোনো অন্য খেলতকৈ পৃথক নহয়। এইটো নিৰ্ভৰ কৰিব আৰু কিমান দিনলৈ এনেকৈ চলিব আৰু কিমান প্ৰভাৱিত কৰিব।

ইয়াৰ পূৰ্বে ক্ৰিকেট অষ্ট্ৰেলিয়া আৰু অষ্ট্ৰেলিয়া ক্ৰিকেটছ এচ'ছিয়েশ্যনৰ মাজত ২০১৭ চনত দৰমহাক লৈ বিবাদ চলিছিল । হেজলউডে এই সন্দৰ্ভত কয়,এতিয়া সম্পৰ্ক ভাল হৈছে আৰু এই পৰিস্থিতি নিয়াৰিকৈ নিয়ন্ত্ৰণ কৰা হ'ব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.