ETV Bharat / sports

প্ৰথমখন টি-২০ত পৰাস্ত ভাৰত - অষ্ট্ৰেলিয়া

শৃংখলাত ১-০ ৰে অগ্ৰগতি অষ্ট্ৰেলিয়াৰ

প্ৰথমখন টি-২০ পৰাস্ত ভাৰত
author img

By

Published : Feb 25, 2019, 12:32 PM IST

স্পৰ্টছ ডেস্ক, ২৫ ফেব্ৰুৱাৰীঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দেওবাৰে অনুষ্ঠিত হোৱা প্ৰথমখন টি-২০তপৰাজয়ৰ মুখ দেখিলে ঘৰুৱা দল ভাৰতে । প্ৰতিশোধৰ লক্ষ্য়ৰে ভাৰতলৈ অহা অষ্ট্ৰেলিয়া দলটোৱে বিশাখাপট্টনম টি-২০ত তিনি উইকেটত বিজয় সাব্য়স্ত কৰিবলৈ সক্ষম হয় ।

এই শ্বাসৰুদ্ধকাৰী মেচখনত অষ্ট্ৰেলিয়াক অন্তিমটো অভাৰত প্ৰয়োজন হৈছিল ১৪ ৰানৰ । উমেশ যাদৱৰ অন্তিমটো বলত অষ্ট্ৰেলিয়াই এই ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক ৰান কৰে গ্লেন মেক্সৱেলে (৫৬) । ভাৰতৰ হৈ জছপ্ৰীত বোমৰাই কেৱল ১৬ৰান দি ৩ টা উইকেট দখল কৰে। লগতে আন্তঃৰাষ্ট্ৰীয় টি-২০ত ৫০টা উইকেট সম্পূৰ্ণ কৰে বোমৰাই ।

অষ্ট্ৰেলিয়াৰ আমন্ত্ৰণমৰ্মে প্ৰথমে বেটিং কৰিবলৈ আহি ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৭ টা উইকেট হেৰুৱায়সংগ্ৰহ কৰিছিল ১২৬ ৰান । ভাৰতৰ হৈ কে.এল ৰাহুলে সৰ্বাধিক ৫০ৰান কৰাৰ বিপৰীতে ধোনীয়ে ২৯ ৰান কৰিবলৈ সক্ষম হয় । অষ্ট্ৰেলিয়াৰ হৈ নাথান কুল্টৰ নেইলে সৰ্বাধিক ৩ টা উইকেট দখল কৰে । এই জয়ৰে শৃংখলাত১-০ৰে অগ্ৰগতি লাভ কৰিছে কেংগাৰু দলটোৱে ।

দ্বিতীয়খন টি-২০বাংগালুৰুত অহা ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.