ETV Bharat / sports

বক্সিং ডে' টেষ্টৰ খেলুৱৈ একাদশ নিশ্চিত কৰিলে লেংগাৰে

অপৰিৱৰ্তিত থাকিব অষ্ট্ৰেলিয়া দলৰ খেলুৱৈ একাদশ ৷ এই কথা প্ৰকাশ কৰিলে প্ৰশিক্ষক জাষ্টিন লেংগাৰে ৷

বক্সিং ডে' টেষ্টৰ খেলুৱৈ একাদশ নিশ্চিত কৰিলে লেংগাৰে
প্ৰশিক্ষক জাষ্টিন লেংগাৰ
author img

By

Published : Dec 24, 2020, 5:54 PM IST

স্পৰ্টছ ডেস্ক, 24 ডিচেম্বৰ : অষ্ট্ৰেলিয়াৰ প্ৰশিক্ষক জাষ্টিন লেংগাৰে বক্সিং ডে' টেষ্টৰ বাবে খেলুৱৈ একাদশ নিশ্চিত কৰিলে ৷ প্ৰথম টেষ্টৰ একাদশেই এই টেষ্টতো অপৰিৱৰ্তিত থাকিব বুলি জানিবলৈ দিয়ে লেংগাৰে ৷

প্ৰথম টেষ্টৰ তৃতীয় দিনা পিংক বল টেষ্টত অষ্ট্ৰেলিয়ান বলাৰে দূৰ্দান্ত প্ৰদৰ্শন কৰিছিল ৷ পেট কামিনছ আৰু জছ হেজলওদে দ্বিতীয় ইনিংছত যুটীয়াভাৱে 9 টা উইকেট দখল কৰিছিল ৷ ইয়াৰ ফলত ভাৰতীয় দলে 36 ৰাণত হেৰুৱাইছিল আটাইকেইটা উইকেট ৷

বক্সিং ডে' টেষ্টৰ খেলুৱৈ একাদশ নিশ্চিত কৰিলে লেংগাৰে
অষ্ট্ৰেলিয়া দল

লেংগাৰে কয় যে, অষ্ট্ৰেলিয়া দ্বিতীয় টেষ্টত পূৰ্বৰ একাদশেৰেই খেলিব ৷ তেওঁ কয়, "যোৱা টেষ্টৰ পাচত এই টেষ্টত খেলুৱৈ একাদশ সলনি কৰিবলৈ মই যথেষ্ট সাহসী মানুহ হ'ব লাগিব ৷ অহা কিছু দিনত বিশেষ একো পৰিৱৰ্তন নহ'লে একাদশ একেই থাকিব ৷ সেয়েহে আমি একে খেলুৱৈ একাদশেৰেই মেচত অৱতীৰ্ণ হ'ম ৷"

ক্ৰিকেট অষ্ট্ৰেলিয়াই নিশ্চিতি প্ৰদান কৰিলে যে, বক্সিং ডে' টেষ্টৰ বাবে দৰ্শকৰ উপস্থিতিৰ সংখ্যা প্ৰতিদিনে 30,000 লৈ বৃদ্ধি কৰা হৈছে ৷ পূৰ্বে প্ৰতি দিনে 25,000 দৰ্শকৰ উপস্থিতি বাধ্যতামূলক কৰা হৈছিল যদিও এই সংখ্যা বৃদ্ধি কৰা হয় ৷

কৰ'ণা ভাইৰাছৰ মাজতে বক্সিং ডে' টেষ্ট অনুষ্ঠিত হোৱা বাবে সুখ প্ৰকাশ কৰে লেংগাৰে ৷

অষ্ট্ৰেলিয়াৰ খেলুৱৈ একাদশ : জ' বাৰ্ণছ, মেথিউ ৱেড, মাৰ্নাছ লাবুচাইন, ষ্টিভ স্মিথ, ট্ৰেভিছ হেড, কেমেৰন গ্ৰীন, টিম পেইন, পেট কামিনছ, মিটচেল ষ্টাৰ্ক, নাথান লিয়ন, জ'ছ হেজলওদ ৷

লগতে পঢ়ক : পৃথ্বী শ্ব বেটচমেনৰ তালিকাৰ ৪ অথবা ৫ নম্বৰৰ বাবে উপযুক্ত : ব্ৰেড হ'গ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.