স্পৰ্টছ ডেস্ক, 6 ছেপ্তেম্বৰ : দ্য ৰ’জ বাউল ষ্টেডিয়ামত আজি তিনিখন মেচৰ টি-20 শৃংখলাৰ দ্বিতীয়খন মেচত মুখামুখি হ’ব শক্তিশালী ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া ৷ শৃংখলা দখলৰ লক্ষ্যৰে ইংলেণ্ডৰ মৰ্গান বাহিনী অৱতীৰ্ণ হোৱাৰ বিপৰীতে শৃংখলাত বৰ্তি থাকিবলৈ জয় অপৰিহাৰ্য অষ্ট্ৰেলিয়া দলটোৰ বাবে ৷
দ্য ৰ’জ বাউল ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথমখন টি-20 মেচত ৰোমাঞ্চকৰ জয় লাভ কৰিবলৈ সক্ষম হৈছিল ইংলেণ্ড দলটোৱে ৷ অষ্ট্ৰেলিয়া দলৰ শক্তিশালী আৰম্ভণিৰ পাচতো 2 ৰানেৰে মেচখন জয় লাভ কৰি বৰ্তমানে যথেষ্ট আত্মবিশ্বাসী হৈ আছে ইয়ন মৰ্গান নেতৃত্বাধীন দলটো ৷ মেচখনত ইংলেণ্ড দলটোৱে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 7 উইকেট হেৰুৱাই 162 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়া দলটোৱে 6 উইকেট হেৰুৱাই কেৱল 160 ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷
অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড দলটোৱে বৰ্তমানলৈকে 17 খন টি-20 মেচত অৱতীৰ্ণ হৈছে য’ত অষ্ট্ৰেলিয়াই 9 খন আৰু ইংলেণ্ডে 7 খন মেচত জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে এখন মেচ অমীমাংসিত হৈ ৰৈছে ৷ ইপিনে ঘৰুৱা ভূমিত ইংলেণ্ডৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত আছে ৷ দলটোৱে 7 খন মেচৰ ভিতৰত পাঁচখনত জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷
আইচিচি টি-20 ৰেংকিঙত দুয়োটা দলে শীৰ্ষ স্থানত অধিষ্ঠিত হৈ আছে ৷ অষ্ট্ৰেলিয়া দলটো প্ৰথম স্থান দখল কৰি থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে ইংলেণ্ড ৷
লগতে চাওক-জালুকবাৰীত নিয়ন্ত্ৰণ হেৰুৱাই একাঠু বোকাত চাৰিচকীয়া বাহন