স্পৰ্টছ ডেস্ক, 29 ডিচেম্বৰ : অষ্ট্ৰেলিয়াৰ পেচাৰ পিটাৰ ছিডলে দেওবাৰে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে ৷ নিউজিলেণ্ডৰ বিৰুদ্ধে চলিত দ্বিতীয় টেষ্টৰ চতুৰ্থ দিনাৰ আৰম্ভণিতে আৱেগিক হৈ দলৰ সতীৰ্থসকলৰ সন্মুখত এই কথা ঘোষণা কৰে ছিডলে ৷
-
Congratulations to Peter Siddle, a champion of our game, who has today announced his retirement from international cricket. He finished with 221 Test wickets, including a memorable Ashes hat-trick on his birthday at the Gabba. Thanks for the memories Sidds! pic.twitter.com/Rl8UChz8pI
— Cricket Australia (@CricketAus) December 28, 2019 " class="align-text-top noRightClick twitterSection" data="
">Congratulations to Peter Siddle, a champion of our game, who has today announced his retirement from international cricket. He finished with 221 Test wickets, including a memorable Ashes hat-trick on his birthday at the Gabba. Thanks for the memories Sidds! pic.twitter.com/Rl8UChz8pI
— Cricket Australia (@CricketAus) December 28, 2019Congratulations to Peter Siddle, a champion of our game, who has today announced his retirement from international cricket. He finished with 221 Test wickets, including a memorable Ashes hat-trick on his birthday at the Gabba. Thanks for the memories Sidds! pic.twitter.com/Rl8UChz8pI
— Cricket Australia (@CricketAus) December 28, 2019
অষ্ট্ৰেলিয়া দলৰ বহু কেইখন গুৰুত্বপূৰ্ণ মেচৰ জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰা ছিডলে দ্বিতীয় টেষ্টত স্থান লাভ কৰিবলৈ সক্ষম নহ'ল ৷ অৱসৰ ঘোষণা কৰাৰ পাচতে নিজ দলৰ সতীৰ্থ আৰু অন্য সদস্যসকলৰ সৈতে কৰমৰ্দন কৰে খেলুৱৈগৰাকীয়ে ৷
অষ্ট্ৰেলিয়াৰ টেষ্ট দলৰ সৰ্বাধিক উইকেট দখলকাৰীৰ তালিকাত 13 সংখ্যক স্থান দখলেৰে ছিডলে কেৰিয়াৰৰ সামৰণি মাৰে ৷ 67 খনকৈ টেষ্ট মেচৰ পৰা সৰ্বমুঠ 221 টা উইকেট দখল কৰে বেগী বলাৰগৰাকীয়ে ৷
এই বছৰৰ এছেজ শৃংখলাত ছিডলৰ দূৰ্দান্ত বলিঙৰ জৰিয়তে অষ্ট্ৰেলিয়াই এছেজ শৃংখলা নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছিল ৷
উল্লেখ্য যে, এইগৰাকী বলাৰে 2008 চনত ভাৰতৰ বিৰুদ্ধে মোহালিত আন্তৰাষ্ট্ৰীয় কেৰিয়াৰত অভিষেক ঘটাইছিল ৷ সেইখন মেচতে তেওঁ আন্তৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰথমটো উইকেট হিচাপে শচীন তেণ্ডুলকাৰৰ উইকেট দখল কৰিছিল ৷ ইয়াৰোপৰি, 2010-11 এছেজত তেওঁৰ জন্মদিনৰ দিনাই হেট-ট্ৰিক সংগ্ৰহ কৰিবলৈও সক্ষম হৈছিল ৷
টেষ্টৰ উপৰি তেওঁ অষ্ট্ৰেলিয়াৰ হৈ 22 খন এদিনীয়া আৰু দুখন টি-20 ত অংশগ্ৰহণ কৰিছে ৷ বিগ বেছ লীগতো পিটাৰ ছিডলে এডিলেইড ষ্ট্ৰাইকাৰছ দলক প্ৰতিনিধিত্ব কৰিছে ৷
আৰু পঢ়ক : 2019 বৰ্ষৰ অন্তিমটো 'মন কী বাত' সম্বোধন কৰিব মোডীয়ে