ETV Bharat / sports

বিশ্বকাপত ইংলেণ্ডক পৰাস্ত কৰি ছেমিফাইনেলত অষ্ট্ৰেলিয়া

ইংলেণ্ডক পৰাস্ত কৰি 2019 বিশ্বকাপৰ ছেমিফাইনেলত স্থান লাভ কৰা প্ৰথমটো দল হ'ল অষ্ট্ৰেলিয়া ৷ ইংলেণ্ডৰ বিৰুদ্ধে 64 ৰানত জয়ী অষ্ট্ৰেলিয়া ৷

author img

By

Published : Jun 26, 2019, 12:53 AM IST

Updated : Jun 26, 2019, 7:19 AM IST

ছেমিফাইনেলত অষ্ট্ৰেলিয়া

স্পৰ্টছ ডেস্ক, 26 জুনঃ এৰণ ফিন্সৰ শতক আৰু জেছন বেহৰেনড্ৰফ, মিটচেল ষ্টাকৰ ধাৰদাৰ বলিঙত তচনছ ইংলেণ্ড ৷ লৰ্ডছত অনুষ্ঠিত হোৱা 32 সংখ্যক মেচত 64 ৰানত পৰাস্ত বিশ্বকাপৰ আয়োজক দেশ ইংলেণ্ড ৷ খেলখনত টছত জয়ী হৈ ইংলেণ্ডে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যিটো ভূল প্ৰতিপন্ন কৰিলে ৱাৰ্ণাৰ-ফিন্সৰ যুটিয়ে ৷ দুয়োয়ে প্ৰথম উইকেটৰ বাবে সংগ্ৰহ কৰিছিল 123 ৰান ৷ ডেভিদ ৱাৰ্ণাৰে 53 ৰান কৰি মইন আলিৰ বলত আউট হয় ৷ ইপিনে এৰণ ফিন্সে বিশ্বকাপত নিজৰ দ্বিতীয়টো শতক অৰ্জন কৰে ৷ ফিন্সে 100 ৰান কৰি পেভিলিয়নমুখী হয় ৷

ETV
এৰণ ফিন্সৰ শতক

অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত 50 অভাৰত 7 উইকেট হেৰুৱাই 285 ৰান কৰে ৷ ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ডে 44.4 অভাৰত 221 ৰান কৰি অল আউটৰ সন্মুখীন হয় ৷ ইংলেণ্ডৰ হৈ বেন ষ্টক্ছয়ে সৰ্বাধিক 89 ৰান কৰিবলৈ সক্ষম হয় ৷ ইপিনে জনী বেয়াৰষ্ট’ 27, জু ৰুট 8, ইয়ন মৰ্গান 4, জছ বাটলাৰ 25, ক্ৰীছ ৱক্ছে 26 ৰানৰ বৰঙণি দিয়ে ৷ অষ্ট্ৰেলিয়াৰ হৈ জেছন বেহৰেনড্ৰফে সৰ্বাধিক 10 অভাৰত 44 ৰান কৰি 5 টা উইকেট দখল কৰে ৷ আনহাতে মিটচেল ষ্ট্ৰাকে 8.4 অভাৰত 43 ৰান খৰচ কৰি 4 টা উইকেট লাভ কৰিবলৈ সক্ষম হয় ৷ এই জয়ৰে ছেমিফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ফিন্স নেতৃত্বাধীন কেংগাৰু বাহিনীয়ে ৷ সুন্দৰ শতকৰ ফলত ফিন্সক প্লেয়াৰ অফ দ্য মেচৰ খিতাপ দিয়া হয় ৷

অষ্ট্ৰেলিয়াৰ বৰ্তমান 7 খন মেচৰ 6 খনত জয়, 1 খনত পৰাজয়ৰে 12 পইণ্টছ লাভেৰে শীৰ্ষ স্থানত আছে ৷ আনহাতে ইংলেণ্ডৰ বাবে ছেমিফাইনেলৰ পথ মসৃণ নহ'ব ৷ কাৰণ ইংলেণ্ডে নিজৰ পৰৱৰ্তী মেচত ভাৰত আৰু নিউজিলেণ্ডৰ মুখামুখি হ'ব ৷ বৰ্তমান দলটোৱে 7 খন মেচৰ 4 খনত জয় আৰু 3 খনত পৰাজয়ৰে মুঠ 8 পইণ্টেৰে চতুৰ্থ স্থানত আছে ৷

Last Updated : Jun 26, 2019, 7:19 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.