স্পৰ্টছ ডেস্ক, 5 ডিচেম্বৰ : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয় আৰু তৃতীয় টি-20 মেচৰ পূৰ্বে আঘাতপ্ৰাপ্ত হৈ শৃংখলাৰ পৰা বাহিৰ হৈছে ৰবীন্দ্ৰ জাদেজা ৷ তেওঁৰ অনুপস্থিতিত দলত স্থান লাভ কৰিছে শাৰদুল ঠাকুৰে ৷ বিচিচিআইয়ে কয় যে, বৰ্তমান জাদেজা নিৰীক্ষণত থাকিব আৰু শনিবাৰে পুনৰ তেওঁৰ পৰীক্ষণ কৰা হ'ব ৷
উল্লেখ্য যে, প্ৰথমখন টি-20 মেচত ভাৰতৰ জয়ত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল ৰবীন্দ্ৰ জাদেজাই ৷ তেওঁৰ 23 বলত 44 ৰাণৰ ইনিংছৰ বাবেই ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 7 উইকেট হেৰুৱাই 161 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷ সেই মেচৰে ভাৰতৰ ইনিংছৰ অন্তিম অ'ভাৰত এটা বলে তেওঁৰ হেলমেটত আঘাত কৰিছিল ৷ জাদেজা আঘাতপ্ৰাপ্ত হোৱাৰ ফলত তেওঁৰ স্থানত দলত অন্তৰ্ভূক্ত কৰা হৈছিল য়ুজবেন্দ্ৰ চাহালক ৷
শুকুৰবাৰে কেনবেৰাৰ মেনুকা অ'ভেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেচত 11 ৰাণত ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰিছিল ভাৰতীয় দলে ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দেওবাৰে দ্বিতীয় টি-20 মেচ অনুষ্ঠিত হ'ব ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত ৷
-
ALERT 🚨: Ravindra Jadeja ruled out, Shardul Thakur added to #TeamIndia squad for T20I series against Australia #AUSvIND
— BCCI (@BCCI) December 4, 2020 " class="align-text-top noRightClick twitterSection" data="
More details here 👉https://t.co/MBw2gjArqU pic.twitter.com/E3a3PkC1UF
">ALERT 🚨: Ravindra Jadeja ruled out, Shardul Thakur added to #TeamIndia squad for T20I series against Australia #AUSvIND
— BCCI (@BCCI) December 4, 2020
More details here 👉https://t.co/MBw2gjArqU pic.twitter.com/E3a3PkC1UFALERT 🚨: Ravindra Jadeja ruled out, Shardul Thakur added to #TeamIndia squad for T20I series against Australia #AUSvIND
— BCCI (@BCCI) December 4, 2020
More details here 👉https://t.co/MBw2gjArqU pic.twitter.com/E3a3PkC1UF
ভাৰতীয় টি-20 স্কোৱাড : বিৰাট কোহলী, কে. এল. ৰাহুল, শিখৰ ধাৱান, মায়ংক আগৰৱাল, শ্ৰেয়াস আয়াৰ, মনিশ পাণ্ডে, হাৰ্ডিক পাণ্ডিয়া, সঞ্জু চেমছন, ৱাশ্বিংটন সুন্দৰ, য়ুজবেন্দ্ৰ চাহাল, জছপ্ৰীত বুমৰাহ, মহম্মদ ছামী, নৱদ্বীপ ছাইনী, দিপক চাহাৰ, টি. নটৰাজন, শাৰদুল ঠাকুৰ ৷
লগতে পঢ়ক : ISL 2020 : 1-0 ব্যৱধানত চেন্নাইয়ানক পৰাস্ত বেংগালুৰুৰ