স্পৰ্টছ ডেস্ক, 9 ডিচেম্বৰ : বুধবাৰে ক্ৰিকেট অষ্ট্ৰেলিয়াই জানিবলৈ দিয়ে যে, অপেনিং বেটছমেন ডেভিদ ৱাৰ্ণাৰ প্ৰথম টেষ্টৰ পৰা বাহিৰ হৈছে ৷ উল্লেখ্য যে, ভ্ৰমণকাৰী ভাৰতৰ বিৰুদ্ধে আয়োজক অষ্ট্ৰেলিয়াই চাৰিখনীয়া টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিব ৷
অডিলেইডত 17 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব প্ৰথমখন টেষ্ট মেচ ৷ প্ৰথম টেষ্টখন দিবা-নৈশ মেচ হ'ব ৷
ভাৰতৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয় মেচত আঘাতপ্ৰাপ্ত হৈছিল ৱাৰ্ণাৰ ৷ ফলত তৃতীয় এদিনীয়া আৰু টি-20 শৃংখলাত অংশগ্ৰহণ কৰা নাছিল তেওঁ ৷
-
JUST IN: David Warner has been officially ruled out of the first #AUSvIND Test
— cricket.com.au (@cricketcomau) December 8, 2020 " class="align-text-top noRightClick twitterSection" data="
Details: https://t.co/XXj2BGK2Zx pic.twitter.com/nguowxNVFR
">JUST IN: David Warner has been officially ruled out of the first #AUSvIND Test
— cricket.com.au (@cricketcomau) December 8, 2020
Details: https://t.co/XXj2BGK2Zx pic.twitter.com/nguowxNVFRJUST IN: David Warner has been officially ruled out of the first #AUSvIND Test
— cricket.com.au (@cricketcomau) December 8, 2020
Details: https://t.co/XXj2BGK2Zx pic.twitter.com/nguowxNVFR
বাঁওহতীয়া বেটছমনগৰাকীয়ে বৰ্তমান ছিডনীতে থাকি চিকিৎসা গ্ৰহণ কৰিব আৰু দলৰ অন্য সদস্যসকলে এডিলেইডলৈ ৰাওনা হ'ব ৷
উল্লেখ্য যে, এদিনীয়া শৃংখলা 2-1 ব্যৱধানত অষ্ট্ৰেলিয়াই দখল কৰাৰ বিপৰীতে টি-20 শৃংখলা 2-1 ব্যৱধানত দখল কৰিছে ভাৰতীয় দলে ৷
লগতে পঢ়ক : ইংলেণ্ড অল ৰাউণ্ডাৰ বেন ষ্টোকছৰ পিতৃৰ দেহাৱসান